top of page

মৰিগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ড০ হিমন্ত বিশ্ব শৰ্মা ।

Writer: Timeline Asom
Timeline Asom
Aug 15, 2020
1 min read

Updated: Aug 16, 2020


দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত মৰিগাঁৱত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ বিত্ত,শিক্ষা,স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মৰিগাঁৱত এখন চিকিৎস্যা মহাবিদ্যালয় স্থাপনৰ বাবে তেখেতে উপায়ুক্তক এশ বিঘা মাটি অধিগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে মৰিগাঁও- দৰং জিলাক সংলগ্ন কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ,মৰিগাঁও নগৰখনত ১০ কোটি টকাৰ নলা নিৰ্মাণ,জাগীৰোড মৰিগাঁও সংযোগী পথটো ৰাজ্যিক পুঁজিৰে পুনৰ নিৰ্মাণ,শংকৰদেৱ বটাঁ প্ৰাপক স্বৰ্গীয় ইলাৰাম দাসৰ স্মৃতিত প্ৰেক্ষাগৃহ নিৰ্মাণকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি জিলাবাসীক প্ৰদান কৰে।প্ৰবীণ সাংবাদিক জগদ্বীশ নাথ,ধানৰ কঁঠিয়া ৰোৱা যন্ত্ৰ উদ্ভাৱন কৰা কৃষক উদ্ধৱ দেউৰীকে প্ৰমুখ্য কৰি জিলাখনৰ কেইবাজনো বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনায়। ইয়াৰোপৰি মৰিগাঁও জিলা শিক্ষা বিভাগে প্ৰস্তুত কৰা ৰাজ্যৰ প্ৰথমখন e magazine "প্ৰজ্ঞালিপি" উন্মোচন কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।


মৰিগাঁৱৰ পৰা

ভৰত কুমাৰ নাথৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page