top of page
Writer's pictureTimeline Asom

G.D.P. - A Discussion

জি ডি পি - এক আলোচনা



লেখক- ডাঃ কমলেশ্বৰ নাথ

সম্প্ৰতি বিশ্ব অৰ্থনীতিত তোলপাৰ লগোৱা ঘটনাটো হৈছে GDP হ্ৰাস । এই হ্ৰাসে অতীতৰ সকলো ৰেকৰ্ড ভাঙিছে । GDP বৃদ্ধিৰ হাৰ শূণ্যৰ তললৈ গতি কৰিছে । উন্নত দেশ সমূহেও ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি পোৱা নাই । তলত বিশ্বৰ আগশাৰীৰ কেইখনমান দেশৰ GDR হাৰ --

1.আমেৰিকা (- 9.1%) 2. জাপান (-9.9%) 3.জাৰ্মানী (-11%) 4. ইটালী ( -17.7% )

5. ফ্ৰান্স ( -18.9% ) 6.ব্ৰিটেইন ( -21.9%)

7.ভাৰতবৰ্ষ ( - 23.9% ) ।

মাত্ৰ চীন দেশত এই হাৰ ধনাত্মক ( +3.2% )

কিয় আৰু কেনেকৈ এই ঘটনা ঘটিল সেই বিষয়ে জানিবলৈ GDP সম্পৰ্কে থুলমূল আভাস এটা লাগিব ।



GDP --- Gross domestic Product is the market value of all final goods and services produced within a country in a given period of time (a quarter or a year ).

অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ ভিতৰত ( ৩মাহ / এবছৰ ) দেশত উৎপন্ন হোৱা সামগ্ৰী বা সেৱা সমূহৰ বজাৰ মূল্যকে সেই দেশৰ মুঠ ঘৰুৱা উৎপাদন বোলে । অৱশ্যে অবৈধ উৎপাদন , বিক্ৰী নকৰা সামগ্ৰী , বিনামূলীয়া সেৱা আদি GDP ৰ অন্তৰ্ভুক্ত নহয় ।


GDP গণনা পদ্ধতি ---

৩টা পদ্ধতিৰে নিৰ্নয় কৰা হয় -- 1.Out put method .2.Expenditure method আৰু 3.Income method . আমাৰ দেশত সাধাৰণতে Expenditure পদ্ধতিৰে গণনা কৰা হয় ---

GDP = C + I + G + (X- IM )

C = Consumption I = Investment G = Govt. consumption & investment X= Export IM = Import .

প্ৰকাশ থাকে যে GDP ৰ সৰ্ববৃহৎ উপাদানটো হ'ল Consumption . মুঠ GDP ৰ দুই তৃতীয়াংশ । গতিকে উপভোক্তাৰ ক্ৰয় ক্ষমতা কমিলে GDP বহুত হ্ৰাস হয় ।


GDP growth rate --GDP আৰু GDP growth rate একে নহয় । Growth rate is the percentage of change over the previous year . আগৰ বছৰৰ তুলনাত বৰ্তমান বছৰৰ GDP শতকৰা হ্ৰাস বা বৃদ্ধি । এটা উদাহৰণ লোৱা যাওক -- যোৱা ৩টা বছৰৰ GDP এনে ধৰণৰ -

চন জিডিপি জিডিপি বৃদ্ধিৰ হাৰ

2018-19 -- 31,57366 কোটি

19-20 -- 33,07707 কোটি +4.8%

20 -21 -- 25,53302 কোটি -22.8%

হিচাব কৰিলে দেখা যাব 18-19 ৰ তুলনাত 19-20 ত GDP বৃদ্ধি হৈছে 1,50341 কোটি টকা । শতকৰা হিচাবত এই বৃদ্ধি 4.8% .অৰ্থাৎ GDP growth rate +4.8% .আনহাতে 19 -20 ৰ তুলনাত 20- 21ত GDP কমিছে 7,54405 কোটি । শতকৰা হিচাবত এই হ্ৰাস 22.8% . অৰ্থাৎ 20-21ত growth rate (--22.8%)

GDP ৰ এই হ্ৰাস ৮টা শিতানত দেখুৱাব পাৰি --

1.Agriculture, forestry ,fishery 3.4%

2.Construction ----- ( -50.3%)

3.Trade, hotel, transport etc -- (-47%)

4.Manufacturing ------ (-39%)

5.Mining & quarries --- (-23.%)

6.P. administration , defence etc (-10.3%)

7.Electricity gas water supply etc (-7%)

8.Financial ,real estate etc --- (-5%)

তালিকাৰ পৰা দেখা গ'ল নিৰ্মান খণ্ড হোটেল ব্যৱসায় যাতায়ত উৎপাদন আদি খণ্ডত ব্যাপক ঋণাত্মক প্ৰভাৱ পৰিছে । ফলত এইবোৰত কাম কৰি থকা কৰ্মচাৰী সকল ব্যাপক হাৰত ছাটাইৰ সমূখীন হৈছে । এতিয়ালৈ এনে লোকৰ সংখ্যা ১২ কোটিৰ অধিক হৈছে ।


ভাৰতবৰ্ষত GDP ৰ হাৰ --

2014 ----- +7.4% 20 15 ---- +8%

16 --- +8.2% 2017 --- +7%

18 ---- +6% 2019 ---- +4.2%

20 --- (- 3.2) 1st quarter (-23.9) 2qtr


অৰ্থাৎ 2016 চনৰ পৰা GDP নিম্নগামী হৈ 2019 বেছি হাৰত কমিছে । ইয়াৰ ঘাই কাৰণ বিমুদ্ৰাকৰণ আৰু GST. 2020ত এই হাৰ ভয়াবহ । ইয়াৰ কাৰণ অপৰিকল্পিত লকডাউন । চীনৰ সীমাত অৱস্থিত উত্তৰ কোৰিয়াই আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ ফলত কোৰিয়াত এজনো মানুহ কোভিড আক্ৰান্ত নহ'ল । আমাৰ দেশেও সেই কাম কৰিব পাৰিলেহেঁতেন ।

GDP ৰ হাৰ যিদৰে নিম্নগামী হৈ আছে অচিৰেই লাখ লাখ কাৰখানা বন্ধ হব । কোটি কোটি মানুহ কৰ্মহীন হব । চাকৰিয়াল সকলে বাধ্যতামূলক অৱসৰ লবলৈ বাধ্য হব । দৰ্মহা হ্ৰাস বা বন্ধ হব । শিক্ষা চিকিৎসাৰ খৰচ বাঢ়িব ।কৰৰ বোজা বেছি হব । ইতিমধ্যে কিতাপৰ ওপৰত কৰ লাগিলেই । চৰকাৰী অনুদান চাবচিডি উন্নয়নমূলক কাম কাজ বন্ধ হব । মূল্যবৃদ্ধি হব । মুঠতে মধ্যবিত্ত গৰীৱত পৰিণত হব । গৰীৱ সকল দুৰ্ভিক্ষত মৰিব । তাৰ মাজতো আদানী আম্বানী হঁতৰ শ্ৰীবৃদ্ধি হৈ থাকিব ।


কৰণীয় - অতি সোণকালে এই দুৰ্যোগৰ পৰা ৰক্ষা পোৱা সম্ভাৱনা ক্ষীণ । দেশৰ ঘাই উপভোক্তা সকল হৈছে ৮০% শ্ৰমিক কৃষক । এওলোকৰ ক্ৰয়ক্ষমতা নাথাকিলে বজাৰত সামগ্ৰী বিক্ৰী নহব । ফলত চলি থকা উদ্যোগো বন্ধ হব । পুনৰ কৰ্মচাৰী ছাটাই হব । মুঠতে দেশৰ অৰ্থনীতি ভাঙি যাব । এই অৱস্থা মোকাবিলা কৰিবলৈ চৰকাৰে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী পদক্ষেপ লব লাগিব । সদ্যহতে উদ্যোগ কেইটা জীয়াই ৰখা স্বাৰ্থত ৰাইজৰ হাতত নগদ ধন তুলি দিব লাগিব । বিনা সুতত বা কম সুতত চৰকাৰী ঋণৰ ব্যৱস্থা কৰিব লাগিব । তাৰ লগে লগে MG NREGA ৰ দৰে উন্নয়নমূলক আঁচনি সমূহ সম্প্ৰসাৰণ আৰু খৰতকীয়া কৰি ৰাইজক কাম কৰি খোৱা পথ মোকোলাই দিব লাগিব । অদৰকাৰী বা কম দৰ্কাৰী চৰকাৰী ব্যয় হ্ৰাস কৰিব লাগিব । অতি জৰুৰী নহলে মন্ত্ৰী বিধায়কৰ দেশ বা বিদেশ ভ্ৰমণ এৰাই চলিব লাগিব । চুবুৰীয়া দেশৰ হতে যুদ্ধৰ পৰিবেশ এৰাই চলিব লাগিব । কৃষকৰ উৎপাদিত ফচল চৰকাৰী উদ্যোগত লাভজনক দামত ক্ৰয় কৰি কৃষকৰ হাত শক্তিশালী কৰিব লাগিব । অন্যথা এক ভয়াবহ ভবিষ্যতৰ বাবে সাজু থাকিব লাগিব ।

- ডাঃকমলেশ্বৰ নাথ ।

৯৪৬৪১৯০৪৭৬


----+++----

73 views0 comments

Σχόλια


bottom of page