top of page
  • Writer's pictureTimeline Asom

GANDHI : THE JOURNY

২ অক্টোবৰ; গান্ধী জয়ন্তী


আজি অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ উপজা দিন।


তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰি ২ অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰি অহা হৈছে।


অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী জাতিৰ পিতা বাপুজীৰ বিষয়ে থোৰতে কিছু কথা জানো আহক,—


১৮৬৯ গুজৰাটৰ পোৰবন্দৰত ২ অক্টোবৰ তাৰিখে জন্ম! (পিতৃৰ নাম কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই গান্ধী।

১৮৮১ কস্তুৰৰবাৰ লগত বিবাহ।

১৮৮৮ আইন অধ্যায়নৰ বাবে ইংলেণ্ডলৈ যাত্ৰা।

১৮৯৩ নাটালত থকা পোৰবন্দৰ মুছলমান সকলৰ এটা প্ৰতিষ্ঠানক এজন আইনজ্ঞ হিচাপে প্ৰতিনিধিত্ব কৰি দক্ষিণ আফ্ৰিকালৈ যাত্ৰা।

১৮৯৩-১৯১৪ দক্ষিণ আফ্ৰিকাত বাস কৰা ভাৰতীয় সকলৰ অধিকাৰ সুৰক্ষাৰ বাবে প্ৰচাৰ।

১৯১৪ দ্বিতীয় বুৱা (Boer)ৰ যুদ্ধত তেওঁৰ অবদানৰ বাবে তেওঁলৈ 'কাইজাৰ ই হিন্দ' স্বৰ্ণপদক প্ৰদান।

১৯১৫ ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি সৱৰমতী আশ্ৰম প্ৰতিষ্ঠা।

১৯১৯ ৰাওলাট আইন বিৰোধী আন্দোলনৰ সূচনা! (১৩ এপ্ৰিলত জালিৱানা ৱালাবাগ হত্যাকাণ্ড! গান্ধীজীয়ে 'কাইজাৰ ই হিন্দ' বঁটা ঘূৰাই দিয়ে)।

১৯২০ অসহযোগ আন্দোলনৰ আৰম্ভণী।

১৯২২ চৌৰী চৌৰা হত্যাকাণ্ডৰ পিছত অসহযোগ আন্দোলন প্ৰত্যাহাৰ।

১৯২২ সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি, কিন্তু অস্পৃশ্যতা দূৰীকৰণ, হিন্দু-মুছলমানৰ ঐক্য আৰু খাদি জনপ্ৰিয়কৰণৰ বাবে একনিষ্ঠতাৰে কৰ্মত ব্ৰতী।

১৯২৮ বৰদলি সত্যাগ্ৰহ।

১৯২৯ জাতীয় কংগ্ৰেছৰ গান্ধীক আইন অমান্য আন্দোলন সূচনা কৰিবলৈ অনুমোদন।

১৯৩০ ডাণ্ডি যাত্ৰা (১২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ)।

১৯৩১ গান্ধী-আৰউইন চুক্তি! (দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ)।

১৯৩২ সাম্প্ৰদায়িক বাঁটোৱাৰাৰ বিৰুদ্ধে ২০ ছেপ্টেম্বৰত গান্ধীজীৰ আমৰণ অনশন (২৫ ছেপ্টেম্বৰ পুনা চুক্তি)।

১৯৩৩ হৰিজন নামৰ সাপ্তাহিক প্ৰকাশ।

১৯৩৪-১৯৩৮ সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি! (ৱাৰ্ধা সেৱাগ্ৰামত থিতাপি লোৱা)।

১৯৩৭ সক্ৰিয় ৰাজনীতিলৈ প্ৰত্যাগমন।

১৯৪০ কিছুদিনৰ বাবে কংগ্ৰেছৰ নেতৃত্ব গ্ৰহণ।

১৯৪২ ভাৰত ত্যাগ আন্দোলনৰ আৰাম্ভনী আৰু 'কৰিম কিম্বা মৰিম' শ্লোগানেৰে জনসাধাৰণক উদ্বুদ্ধকৰণ।

১৯৪৪ আগা খান পেলেচত বন্দী হৈ থকা সময়ত পত্নী কস্তুৰৰবাৰ মৃত্যু।

১৯৪৮ নাথুৰাম গডচেৰ দ্বাৰা ৩০ জুনত হত্যা।

প্ৰসঙ্গত উল্লেখ্য যে, এনে এজন মহান ব্যক্তি আজি পাহৰণিৰ গৰ্ভত। তেওঁৰ সাৰ্বজনীন নীতি আদৰ্শ আজি ধোঁৱাচাঙত। ২ অক্টোবৰ আহিলেহে গান্ধীলৈ মনত পৰে। সাম্প্ৰতিক সময়ৰ আহ্বান; কেৱল গান্ধী জয়ন্তী উপলক্ষে স্মৃতি স্তম্ভে পুষ্পস্তবক অৰ্পণ কৰিলেই নহব, জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি অহিংসা আন্দোলনত বিশ্বাসী আছিল তাক সকলোৱে মিলি মৰ্যাদা দিব লাগিব। আজি দেশত যি দৰে সংসা বিয়পোৱা হৈছে সেইটো কেৱল গান্ধীজীৰ নীতিৰ পৰিপন্থীয়েই নহয় বৰং দেশৰ বাবেও মঙ্গলজনক নহয়। গতিকে দেশৰ একতা, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত প্ৰতিজন ভাৰতীয়ই বাপুজীৰ অনুসৰণ কৰি চলা উচিত।—

লেখক : জুলহাছ আলী আহমেদ।

মবাইল : ৯৭০৬৬-৬৬১৯২

14 views0 comments

Commenti


bottom of page