top of page
  • Writer's pictureTimeline Asom

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ন।।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চাটনগুৰি গাঁওৰক্ষী বাহিনীৰ সদস্য-সদস্যাসকলৰ দ্বাৰা স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ন।।


মৰিগাঁও জিলাখনৰ ভিতৰত প্ৰথমখন cashless গাঁও হিচাপে পৰিগণিত হোৱা চাটনগুৰি গাঁৱত শুক্ৰবাৰে পুৱা ৮ বজাত অঞ্চলটোৰ ১নং চাটনগুৰি মহিলা গাঁওৰক্ষী বাহিনী, পূব চাটনগুৰি গাঁওৰক্ষী বাহিনী, মধ্য চাটনগুৰি মহিলা গাঁওৰক্ষী বাহিনী আৰু চাটনগুৰি গাঁওৰক্ষী বাহিনীৰ সদস্য-সদস্যাসকলে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যৌথ ভাৱে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ অংশ হিচাপে হাতে হাতে দা,জবকা,ঝাৰু আদি লৈ চাফ-চিকুণ কৰা পৰিলক্ষিত হয়। উক্ত কাৰ্যসূচীত সদৰ আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনী পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰবীণ সাংবাদিক উপেন চন্দ্ৰ ডেকা, সম্পাদক ভাস্কৰ জ্যোতি হাজৰিকা, চক্ৰ সংগঠক অম্বু বড়াৰ লগতে কোঁৱৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলেশ্বৰী দাসে অংশগ্ৰহণ কৰে। মৰিগাঁও সদৰ আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীয়ে ধাৰাবাহিকভাৱে গাঁও সমূহত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ন কৰি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে জিলাখনৰ খান্দাজান,দলৈচুৱা,নাওকাটা,বৰঙাবাৰী,দন্দুৱাৰ লগতে চাটনগুৰি গাঁৱত এই কাৰ্যসূচী সফলভাৱে ৰূপায়িত হৈছে।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন

টাইমলাইন অসম।।

11 views0 comments

Recent Posts

See All

Comentarios


bottom of page