top of page

SOCIAL TIMELINE

  • Writer: Timeline Asom
    Timeline Asom
  • Sep 22, 2020
  • 1 min read

এবাৰ ভাবোঁ আহক


ree

মন্দিৰ-মছজিদ লৈ খোৱা কামোৰা বহুত হল। এতিয়া বেলেগ কিবা এটা ভাবোঁ আহক। আমি হিন্দু-মুছলমানে কোটি কোটি টকা খৰচ কৰি মন্দিৰ-মছজিদ বনাও কিন্তু কেতিয়াবা ভোকাতুৰৰ কথা ভাবিছোনে? ভোকাতুৰৰ ভোক নিবাৰণৰ বাবে কিবা কৰিবলৈ যত্ন কৰিছোঁনে? জাকজমকতাৰে পৰিপুষ্ট দামী ঘৰতেই যে আল্লাহ-ভগৱান থাকিব তাৰ কোনো ভিত্তি নাই। নিসন্দেহে ঈশ্বৰ-আল্লাহ সকলোতে বিৰাজমান। ইবাদত-বন্দেগী, পূজা-অৰ্চনা আদি ভঙা-পঁজাতো কৰিব পাৰি। ঈশ্বৰ-আল্লাহে কোটি কোটি টকাৰে নিৰ্মিত ৰাজকীয় ঘৰ নিবিচাৰে বৰং কোনে কিমান একাগ্ৰতা, আন্তৰিকতা আৰু ভক্তিৰ সহিতে ঈশ্বৰ-আল্লাহৰ ইবাদত-বন্দেগী বা আৰধনা-প্ৰাৰ্থনা কৰে সেইটোহে বিচাৰ্য্যৰ বিষয়।

ree

আজি আমাৰ দেশত অগণিত জনতাই উদৰ পূৰাই দুবেলা-দুসাঁজ খাব পৰা নাই। বহুতৰে থাকিবলৈ এখন ভাল ঘৰ নাই। পিন্ধিবলৈ এজোৰ ভাল কাপোৰ নাই। বহু ৰোগীয়ে টকাৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰি অকালতে মৃত্যুক সাৱটি লৈছে। বহু ঋণগ্ৰস্তই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰমপন্থা বাছি লৈছে। টকা পইচাৰ অভাৱত বহু লৰা-ছোৱালীয়ে আধাতে লিখা-পঢ়া সামৰিবলৈ বাধ্য হৈছে। যোগ্যজনেও আজি টকাৰ অভাৱত চাকৰিৰ পৰা বঞ্চিত হবলগীয়াও হৈছে। একাংশ দুখীয়া লোকে অনিচ্ছা স্বত্বেও নিজৰ মৰমৰ লৰা-ছোৱালীক আনৰ ঘৰত বনকৰা কৰ্মচাৰী নিয়োগ কৰে। টাকাৰ অভাৱত একাংশই ভাল ব্যৱসায় কৰিব নোৱাৰি অবৈধ কামত লিপ্ত হৈ পৰিছে। কিন্তু পৰিতাপৰ বিষয়; ইয়াৰ প্ৰতি কাৰো কাণসাৰ নাই। অতি ধৰ্মান্ধৰ সকলেওঁ এইসকল দুৰ্ভগীয়াৰ আৰ্তচিৎকাৰ শুনা নাপায়। মন্দিৰ-মছজিদ আৰু ধৰ্ম, জাত-পাত লৈ পানী ঘোলা কৰা সকলে যদি অসহায়, অভাৱগ্ৰস্ত, গৰিব-নিছলা, অৰ্থহীন, ভিক্ষুক তথা পিতৃ-মাতৃহীনা সকলৰ কাষত থিয় দিলেহেঁতেন তেন্তে হয়তো ঈশ্বৰ-আল্লাহ অধিক প্ৰসন্ন হলে হয়।—

- জুলহাছ আলী আহমেদ

মবাইল : ৯৭০৬৬-৬৬১৯২

Comments


OUR PROGRAM
bottom of page