top of page
  • Writer's pictureTimeline Asom

ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰণালয়ৰ বিত্তীয় অনুদানপ্ৰাপ্ত প্ৰকল্পৰ দুৰৱস্থা

মাজুলীত ঠিকাদাৰৰ হেমাহি ।। আধৰুৱা পথ আৰু দলং নিৰ্মাণে দুৰ্ভোগ ভুগাইছে বৃহত্তৰ অঞ্চলবাসীক

মাজুলী জিলাৰ সদৰ গড়মূৰৰ নিচেই সমীপৰ গড়মূৰ জেংৰাই গড়কাপ্তানি পথৰ মধুপুৰ পুৰণিবাৰী হাইস্কুলৰ কাষেৰে কঢ়াৰডুবিৰ পৰা নতুন কুলামুৱা চাপৰিলৈ নিৰ্মাণ কৰি থকা প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ শিতানত ৮.৩৮কিলোমিটাৰ দৈৰ্ঘ্যৰ পিভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলগা পথটোৰ নিৰ্মাণ ব্যয় প্ৰায় ৭কোটি ৪১ লাখ টকা ধাৰ্য কৰাৰ লগতে পথটোত থকা সাৰজানৰ গড়মূৰ ঘূলিবিলৰ ওপৰত এখন পকী দলঙৰ নিৰ্মাণৰ বাবদ ১কোটি ৬৩ লাখ টকা ধাৰ্য কৰি ১৯ ডিচেম্বৰ২০১৮ৰ পৰা বিক্ৰম সিং পেগু নামৰ এজন ঠিকাদাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। গুৰুত্বপূৰ্ণ কথা যে সেই ঠাইত ঠিকাদাৰজনে এবছৰৰ পূৰ্বে প্ৰায় ৪০লাখ টকাৰে এখন কাঠৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰি অঞ্চলটোৰ ৰাইজক আহ-যাহৰ বাবে মুকলি কৰি দিছিল যদিও এবছৰ নহওঁতেই দলংখন ভাঙি সেই ঠাইত পকী দলঙৰ কাম আৰম্ভ কৰে। টাইমলাইন অসমক স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰে বাৰিষা অহাৰ লগে লগে নিৰ্মাণৰত পকী দলংখনৰ কাম সম্পূৰ্ণ নোহোৱাকৈ এৰি যোৱাৰ লগতে দলংখনৰ দুয়োপাৰে মাটি পেলোৱাৰ কামো সম্পূৰ্ণ হৈ নুঠাৰ ফলত দ-অংশত বৰ্তমান লুহিত নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ মানিক চাপৰি, বিজয় চাপৰি, বগৰীগুৰি, ক'লামুৱা, টেঙাগুৰি, এজাৰগুৰি, বালি-জকাইবোৱাকে ধৰি প্ৰায় ১০/১৫ খন গাঁৱৰ ৰাইজৰ লগতে মাজুলীৰ সীমামূৰীয়া লখিমপুৰ জিলাৰ চানং গাওঁ, কুলামুৱা আদি ৫/৬খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত অবৰ্ণনীয় সমস্যাই দেখা দিছে। আমাৰ পৰিদৰ্শনকালত দেখা পালো ঠিকাদাৰে নিৰ্মাণ কৰা উক্ত দলংখনৰ উত্তৰ দিশে পথটো একেবাৰে জহি-খহি যোৱাত যাতায়াতৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাই দেখা দিছে। স্থানীয় অঞ্চলবাসীয়ে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে বাৰিষাৰ কালছোৱাত দলঙৰ দুয়োমূৰে দুখন ডাঙৰ নাৱৰ ব্যৱস্থা কৰি দি ৰাইজক সুবিধা কৰি দিবলৈ আহ্বান জনাই দলংখনৰ লগতে পথটোৰ কাম সম্পূৰ্ণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে।

মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ বিশেষ প্ৰতিবেদন, টাইমলাইন অসম।

27 views0 comments

Recent Posts

See All

Comments


bottom of page