top of page
  • Writer's pictureTimeline Asom

ব্যাপক দুৰ্নীতিৰ অভিযোগ চি পি আই (এম)ৰ ।।

ৰঙিয়াত চৰকাৰী নীতি-নিৰ্দেশনা অনুযায়ী বান সাহায্য নিদিয়া আৰু কোৱাৰেন্টিনত দিবলগা সাহায্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ চি পি আই (এম)ৰ ।।


বুধবাৰে চি পি আই (এম)ৰ কামৰূপ জিলা কমিটীৰ আহ্বানত ৰঙিয়াত এখন সংবাদমেল অনুষ্ঠিত হয়। ৰঙিয়াৰ শ্ৰমিক ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত তলৰ বিষয় সমূহ উত্থাপন কৰে দলটোৱে।


চৰকাৰী নীতি-নিৰ্দেশনা অনুযায়ী পাবলগা বান সাহায্যৰ পৰা বঞ্চিত ৰঙিয়াবাসী ।

"দুৰ্যোগ প্ৰশমন মেনুৱেল-২০১৫" অনুযায়ী বানপীড়িতই যি ধৰণে চৰকাৰী সাহায্য পাব লাগিছিল, সেই ধৰণে সাহায্য প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে চি পি আই (এম) দলে। এক প্ৰেছ বিবৃতি যোগে কোৱা হয় যে, জুন আৰু জুলাই মাহত দুবাৰকৈ ৰঙিয়াৰ এক বৃহত্তৰ অঞ্চল বানৰ কবলত পৰিছে আৰু বানে হাজাৰ হাজাৰ লোকৰ বিস্তৰ ক্ষতিসাধন কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় চৰকাৰৰ পৰা নামমাত্ৰ সাহায্যহে লাভ কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে। দুৰ্যোগ প্ৰশমনৰ মেনুৱেল অনুসৰি যদি ৰঙিয়াত তিনিদিনৰ বাবে সাহায্য সামগ্ৰী দিয়া হয় তেন্তে চাৰিজনীয়া পৰিয়াল এটাই চাউল ৯ কেজি, দালি ১৫ কেজি, মিঠাতেল-আধা লিটাৰ, চিৰা ৬কেজি, গুৰ ১.৫ কেজি পাব লাগিছিল। অৰ্থাৎ ৰঙিয়াৰ সকলো ঠাইতে এই নিৰিখত বা তাতকৈ বেছি (পৰিয়ালৰ সদস্য সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি) সাহায্য সামগ্ৰী পাব লাগিছিল। কিন্তু দুই-এঠাইৰ বাহিৰে বাকী কোনো ঠাইতে এই নিৰিখত সাহায্য সামগ্ৰী দিয়া হোৱা নাই । চিৰা কেৱল আশ্ৰয় শিবিৰত থকা লোকসকলক সামান্য পৰিমাণে বানপানীৰ দুদিনহে যোগান ধৰা হৈছিল। আনহাতে বগৰীবাৰী অঞ্চল য'ত ৰাইজে যোৱা ১২দিন মাথাউৰি তথা অন্য ওখ ঠাইত আশ্ৰয় লৈ থাকিবলগা হৈছে, তাত জনেপ্ৰতি ১কেজি চাউল, ১৭৫ গ্ৰাম দাইল আৰু প্ৰতি ঘৰত তেল ৩০০ গ্ৰামৰ চৰকাৰী সাহায্য মাত্ৰ এই পৰ্যন্ত যোগান ধৰা হৈছে।

একেদৰে,পশুধনৰ ক্ষেত্ৰত দুৰ্যোগ প্ৰশমন মেনুৱেলত স্পষ্টভাৱে উল্লেখ আছে প্ৰতিটো গৰুৰ বাবদ চাৰি কেজিকৈ আৰু ছাগলীৰ বাবদ ১কেজিকৈ প্ৰতিদিনে পশুখাদ্য যোগান ধৰিব লাগে। কিন্তু বাস্তৱত এয়া হোৱা নাই ।


হোম কোৱেৰেন্টিনত থকা লোকসকলক দিব লগা সাহায্যত ব্যাপক দুৰ্নীতি:

দ্বিতীয়তে, অসম চৰকাৰৰ "স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ"ৰ যোৱা ২১ মে',২০২০ চনৰ নিৰ্দেশনাত 'হোম কোৱাৰেন্টিন'ত থকা লোকসকলক দিব লগা সাহায্য সম্পৰ্কে স্পষ্টভাৱে উল্লেখ আছে। এই নিৰ্দেশনা অনুযায়ী চাৰিজনীয়া সদস্যৰ পৰিয়াল এটাই ৭-১০ দিন হোম কোৱাৰেন্টিনত থাকিব লগা হ'লে চাউল ১৫ কেজি (৫০০টকা), দালি দুই কেজি (৩০০ টকা), তেল ২লিটাৰ (৩০০ টকা), নিমখ ১কেজি (৩০ টকা), আলু ৫কেজি (১৫০ টকা) আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী (৩০০টকা)কে ধৰি মুঠ ২০০০ টকাৰ সাহায্য সামগ্ৰী পাব লাগে। নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে যে পৰিয়ালৰ সদস্যৰ সংখ্যা আৰু কোৱাৰেন্টিনত থাকিবলগা দিনৰ সংখ্যা বৃদ্ধি হ'লে সেই অনুপাতে সাহায্য সামগ্ৰীও বেছিকৈ পাব। কিন্তু চি পি আই(এম)ৰ সংবাদমেলৰ তথ্য অনুসৰি, ৰঙিয়া মহকুমাত স্বাস্থ্যবিভাগৰ অধীনত হোম কোৱাৰেন্টিনত থকা পৰিয়ালক মাত্ৰ ৮০০ৰ পৰা ১,০০০ টকাৰ সাহায্য হে প্ৰদান কৰা হৈছে। পৰিয়ালৰ সদস্য সংখ্যা আৰু কোৱেৰন্টিনত থকা দিনৰ সংখ্যা বৃদ্ধি হ'লে সেই অনুপাতে পাবলগীয়া অতিৰিক্ত সাহায্যও কোনেও পোৱা নাই। তলত হোম কোৱাৰেন্টিনত থকা দুটা পৰিয়ালে লাভ কৰা চৰকাৰী সাহায্যৰ নমুনা তথ্য সহকাৰে দিয়া হ'ল-

১. নাম: চবিৰ আহমেদ

গাওঁ: ইচ্ছাপুৰ

পৰিয়ালৰ সদস্য সংখ্যা: ৬

চাউল: ১০ কেজি, আলু: ২ কেজি, মিঠাতেল: ২লিটাৰ, চেনি: ৫০০ গ্ৰাম, চাহপাত: ৩০ গ্ৰাম, ডিটাৰজেন্ট পাউদাৰ: ৫০ গ্ৰাম, হেণ্ড চেনিটাইজাৰ:৫০ মিলি., নিমখ: ১কেজি, ফেনাইল: ৫০০ মিলি., বাচন ধোৱা চাবোন,১০ টকীয়া: ১টা, চেম্পোঃ২পেকেট( ২টকীয়া), পিয়াজ:২কেজি, গামোচা এখন।

২. নাম: হৃষিকেশ তালুকদাৰ

ৱাৰ্ড নং:৩, ৰঙিয়া

পৰিয়ালৰ সদস্য সংখ্যা: ৬

চাউল: ১০কেজি, দালি: ১কেজি, আলু: ২ কেজি, চেনি: ৫০০ গ্ৰাম, বিস্কুট: এপেকেট, গাখীৰ: ১লিটাৰ, ডিটাৰজেন্ট পাউদাৰ: ৫০০ গ্ৰাম, হেণ্ড চেনিটাইজাৰ: ৫০০ মিলি., ফেনাইল: ৫০০ মিলি., বাচন ধোৱা চাবোন-১০ টকীয়া এটা, কলগেট: ২০ টকীয়া এটা, চেম্পো: ২পেকেট (২টকীয়া), পিয়াজ: ২কেজি, টাৱেল এখন।


উল্লেখ্য যে, ৰঙিয়া মহকুমাত এতিয়ালৈ ১,৫৯৮জন ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াল হোম কোৱাৰেন্টিন হৈছে। ওপৰত উল্লেখ কৰা পৰিয়াল দুটাই চৰকাৰী নিৰিখ অনুসৰি হোম কোৱাৰেন্টিন হোৱা দিনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ৩,৮০০ টকাৰ সাহায্য পাব লাগিছিল । কিন্তু পাইছে মাত্ৰ ৮০০-১০০০ টকাৰ সাহায্য সামগ্ৰী। এনেদৰে বাকী পৰিয়ালসমূহেও পৰ্যাপ্ত সাহায্য সামগ্ৰী পোৱা নাই। প্ৰতিটো পৰিয়ালে ২,৮০০ টকাকৈ পাব লগা টকা পোৱা নাই বুলি ধৰি ল'লে এয়া স্পষ্ট হৈ পৰে যে কোৱাৰেন্টিনত থকা ১,৫৯৮টা পৰিয়ালক সাহায্য দিয়াৰ নামত ৪৪,৭৪,৪০০ টকাৰ এক বৃহৎ দুৰ্নীতি সংঘটিত হৈছে।

সংবাদ মেলৰ জৰিয়তে চি পি আই(এম)ৰ কামৰূপ জিলা কমিটীয়ে উপৰোক্ত বিষয়সমূহত অতি শীঘ্ৰে অসম চৰকাৰৰ মন্ত্রী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ স্পষ্টীকৰণ বিচাৰে। এই সম্পৰ্কে বক্তব্য প্ৰকাশৰ জৰিয়তে ৰঙিয়াবাসীক আস্বস্ত নকৰিলে মন্ত্রী কলিতাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতেই এই অনিয়ম তথা দুৰ্নীতি সংঘটিত হৈ আছে বুলি ৰাইজে ধৰি ল'ব বুলিও দলটোৱে সকীয়াই দিয়ে।

- মঙলদৈৰ পৰা মৃদুল বড়াৰ প্ৰতিবেদন টাইমলাইন অসম ।।

11 views0 comments

Recent Posts

See All

Comments


OUR PROGRAM
bottom of page