বাংগালুৰুৰ চিকিৎসালয়ত কুৰিদিনে মৃত্যুৰে যুঁজিছে নাৰায়ণপুৰৰ যুৱকে
বাংগালুৰৰ চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজিছে নাৰায়ণপুৰৰ দুৰ্ভগীয়া যুৱক চম্পক গগৈয়ে
ৰাজ্য চৰকাৰক আৰ্থিক সহায়ৰ আহ্বান পৰিয়ালৰ।।

নাৰায়ণপুৰৰ ২ নং বহুপথাৰৰ সোণাৰাম গগৈৰ ২৮ বছৰীয়া একমাত্ৰ পুত্ৰ চম্পক গগৈয়ে স্নাতক শিক্ষা সম্পূৰ্ণ কৰি অসমত কোনো কৰ্মসংস্থাপন নাপাই দুবছৰ পূৰ্বে বাংগালুৰলৈ গৈছিল। বাংগালুৰৰ শিৱাসী নগৰস্থিত এটা বৰফ ফেক্টৰীত কৰ্মৰত যুৱকজন লকডাউনৰ বাবে কৰ্মস্থলীতে আৱদ্ধ হৈ পৰে। কৰ্মস্থলীতে বিগত এমাহ ধৰি যুৱকজন জণ্ডিচ, যক্ষ্মা আৰু কেঁচুমূৰীয়া ৰোগত আক্ৰান্ত হয়। এটা সময়ত অৱস্থা অতি গুৰুতৰ হৈ পৰাত এগৰাকী বন্ধুৱে চিকিৎসালয়ত ভৰ্তি কৰে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱা চম্পকে সম্প্ৰতি এণ্ড হেল্থ কেয়াৰৰ আই-চি-ইউত জীৱন মৃত্যুৰে যুঁজি আছে । একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ ব্যয়ৰ বাবদ দৰিদ্ৰ পিতৃ-মাতৃয়ে মাটি-ভেটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে। দুৰ্ভগীয়া পৰিয়ালটোক বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাই নিজা পুঁজিৰ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে বিজেপি দলৰ কৰ্মীসকলে আৰ্থিক সাহায্য আগবঢ়ায়। দুৰ্ভগীয়া পৰিয়ালটোৱে চম্পকৰ চিকিৎসাৰ বাবদ প্ৰায় আঢ়ৈ লাখ টকা ব্যয় কৰিলে যদিও এতিয়াও এক লাখতকৈ অধিক টকা চিকিৎসালয়ত দিবলৈ আছে। চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে চম্পক গগৈক ঘৰলৈ আনিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই অনুমতি প্ৰদান নকৰাত পিতৃ-মাতৃয়ে দিকবিদিক হেৰুৱাই পেলাইছে ।
সদাশয় কোনো লোকে যদি চম্পক গগৈক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ নাৰায়ণপুৰ শাখাত চম্পক গগৈৰ নামত থকা 33900493689 ( IFSC Code : SBIN0017208 ) একাউণ্ট নম্বৰত ধন দিব পাৰিব।চম্পক গগৈৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে অসমলৈ ঘূৰাই আনিবলৈ দুৰ্ভগীয়া পৰিয়ালৰ পিতৃ-মাতৃয়ে অসম চৰকাৰক কাতৰ আহ্বান জনাইছে ।
নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন
টাইমলাইন অসম।।






Comments