top of page
  • Writer's pictureTimeline Asom

মই শিল্পীশিখাই কৈছোঁ



অৱশেষত মই সফল হ'লো। মূল লক্ষ্যলৈ এতিয়াও বহুদূৰ, কিন্তু এখোপ হ'লেও ওচৰ চাপিলোঁ। এটা ভাল লগা দিন, বিগত তিনি বছৰৰ ভিতৰত মোৰ বাবে শ্ৰেষ্ঠ দিন।

এতিয়াও মোৰ কাণত ইং ২০১৮ বৰ্ষৰ জুন মাহত ডাক্তৰে কোৱা কথা কেইষাৰ বাজি থাকে... : We are sorry Silpi, আমি যি পাৰোঁ কৰিলোঁ। ইয়াতকৈ বেছি ট্ৰিটমেণ্ট দিলে তোমাৰ শৰীৰে আৰু লোড ল'ব নোৱাৰিব। বহুত বেছি চাইড এফেক্ট হৈছে। You have to return Assam for supportive care... মূৰৰ ওপৰত সৰগ ভাগি পৰা যেন লাগিছিল। কি কম ভাবি পোৱা নাছিলোঁ। মই সুধিছিলোঁ... তাৰমানে মোৰ আৰু একো চিকিৎসা নাই নেকি ছাৰ? চিকিৎসা নথকা নহয়, আছে।চেষ্টা কৰি চাব পাৰি! কিন্তু বহুত বেছি খৰছী হ'ব। যিটো তোমালোকে বহন কৰিব নোৱাৰিবা। : But look at me sir, মই ঠিকেই আছোঁ, ইমান সুস্থ হৈ থাকোঁতে কেনেকৈ ঘৰলৈ ঘূৰি গৈ মই মৃত্যুলৈ অপেক্ষা কৰি থাকিম! : I can understand Silpi, কিন্তু মই কি কৰিব পাৰোঁ কোৱা! এইটো মোৰ সিদ্ধান্ত নহয়, আমাৰ গোটেই ডিপাৰ্টমেণ্টৰ সিদ্ধান্ত। মুঠতে মোৰ চিকিৎসা কৰিবই লাগিব। মই নিজেই (মোৰ প্ৰধান চিকিৎসক) বিবেক ছাৰৰ লগত কথা পাতিম। পিছদিনাৰ পৰা এখন নতুন যুদ্ধ আৰম্ভ হৈছিল। ডাক্তৰলৈ ইটোৰ পাছত সিটো মেইল কৰিছিলোঁ। বাৰে বাৰে OPD-ত গৈছিলোঁ। লগত মা-দেউতা। তেওঁলোকে হিন্দী বা ইংৰাজী একোতেই কথা পাতিব নোৱাৰে। যি কথা পাতো মই নিজেই পাতোগৈ। ডাক্তৰৰ লগত মোৰ বিষয়ে আলোচনা কৰাৰ বাবে আন কোনো নাছিল। তেওঁলোকে মোক ভালকৈ বুজাই দিছিল যে মোৰ চিকিৎসা কৰাটো খুব সহজ নহ'ব। প্ৰথম কথা বহুত বেছি খৰছী হ'ব আৰু দ্বিতীয়তে মোৰ শৰীৰত মেডিচিনে ভাল ফলাফল দেখুৱাৰ আশা মাত্ৰ ১০ শতাংশ। তেওঁলোকৰ মতে কোনো ফাউণ্ডেচনে এনে অৱস্থাত কাৰোঁ বাবে ইমান টকা খৰছ নকৰে য'ত ভাল হোৱাৰ আশা একেবাৰে ক্ষীণ। কিন্তু মই ভাগ্যৱান যে মই আজমল ফউণ্ডেচনৰ পৰা সঁহাৰি পাইছিলোঁ। আজমল ছাৰে যেতিয়া মোক নিজেই ফোন কৰি কৈছিল ১০ শতাংশ ২০ শতাংশ ডাক্তৰৰ কথা বাদ দিয়া। আমি ১ শতাংশ আশা থকালৈকে যুঁজ দিম। তেতিয়া মোৰ সাহস বাঢ়ি গৈছিল। দুগুণ উৎসাহেৰে কব পৰিছিলোঁ মোৰ লগত আজমল ফাউণ্ডেচন আছে। আপোনালোকে মাথো মোৰ চিকিৎসা কৰক। ফাউণ্ডেচনৰ পৰা চিকিৎসালয়লৈ মেইল আহিল যে শিল্পীশিখাৰ চিকিৎসা আৰম্ভ কৰক। কিন্তু সিমানতো হস্পিতাল কতৃপক্ষ মান্তি নহ'ল। কিজানিবা চিকিৎসা আৰম্ভ কৰাৰ পাছত মাজতে ফান্দৰ অভাৱত মোৰ চিকিৎসা আধৰুৱা হৈ ৰৈ যায়! অৱশেষত ফাউণ্ডেচনৰ প্ৰৱন্ধক ড° আজাদ ছাৰ কেৱল মোৰ বাবেই কলিকতা পালেহি। তেখেতৰ লগত গোটেইখিনি কথা-বতৰা হোৱাৰ পাছতহে মোৰ চিকিৎসা আৰম্ভ হৈছিল যিটো অত্যন্ত ব্যয়বহুল আছিল। তিনিটা Cycle ত ২০ লাখমান টকা খৰছ হোৱাৰ পাছতো আশা কৰা মতে একো ফল নাহিল। তাৰ পাছতো ইটোৰ পিছত সিটো চিকিৎসা চলি থাকিল। বাৰে বাৰে হাৰি গ'লো মই। কোনো উপায় নাছিল মোৰ Bone marrow transplant কৰাৰ। কেইবাবাৰো যমৰ ঘৰ দেখি আহিলোঁ। কিন্তু যুঁজিবলৈ এৰা নাছিলোঁ কাৰণ নিজৰ ওপৰত বিশ্বাস আছে আৰু তাতোকৈ বেছি বিশ্বাস আছে আপোনালোকৰ প্ৰাৰ্থনাৰ ওপৰত। একেবাৰে শেষত মোৰ লগত আৰম্ভ হৈছিল পৰীক্ষামূলক চিকিৎসা (ভাৰতত প্ৰথম মোকেই এইটো ইঞ্জেকচন দিয়া হৈছে আৰু বিনামূলীয়াকৈ পাইছিলোঁ)। যিটো ইঞ্জেকচন লোৱাৰ আগত এশটামান চহী কৰিছোঁ যে মই মৰিলেও চিকিৎসক বা হস্পিতাল কতৃপক্ষ জগৰীয়া নহয়। অৱশেষত আজি মোৰ pet scan clear হ'ল। শুনি নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাছিলোঁ। ভালে থাকিলে খুব সোনকালেই Bone marrow প্ৰক্ৰিয়া আৰম্ভ হ'ব। আকৌ কৈছোঁ মূল যুদ্ধখন আজিৰ পৰাহে আৰম্ভ হ'ব যিটোৰ বাবে আপোনালোকৰ আশীৰ্বাদ খুবেই প্ৰয়োজন।সদায় যেন মৰমেৰে আৱৰি ৰাখে আৰু মোক সাহস দি যায়। ✍️ Silpi Sikha

83 views0 comments

Komentarze


bottom of page