top of page
  • Writer's pictureTimeline Asom

News Headlines

মুখ্য বাতৰি


- মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক দেখিলে ৰাম-লক্ষ্মণ যেন লাগে’- বিধায়ক শিলাদিত্য দেৱ৷


- ক'ভিড১৯ ৰ প্ৰভাৱৰ মাজতে উদযাপিত হ’ল ৭৪ সংখ্যক স্বাধীনতা দিৱস। সকলো ঠাইতে সীমিত সংখ্যক লোকৰ উপস্থিতিত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা হয়৷ প্ৰধানমন্ত্ৰী হিচাপে সপ্তমবাৰলৈ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে নৰেন্দ্ৰ মোডীয়ে।


- ৬ নং দফা উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা হ’ব স্বাধীনতা দিৱসৰ অনুষ্ঠানত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


- দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ২০৯২ জনলৈ বৃদ্ধি।


- এনডিটিভিৰ গ্ৰাফিক ডিজাইনাৰ, কাৰ্টুনিষ্ট হিৰণ্য কুমাৰ বৰ্মনৰ ইহলীলা সম্বৰণ। গুৱাহাটীৰ ৰিহাবাৰীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে


- অসমত শনিবাৰে ক'ভিড আক্ৰান্ত ৭জনৰ মৃত্যু। ৰাজ্যখনত ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮২জনলৈ বৃদ্ধি।


- স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ অলীৰ মাজত ফোনযোগে বাৰ্তালাপ হয়। ফোনত স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীক।


- চুবুৰীয়া ৰাজ্য মণিপুৰত বৃদ্ধি কৰা হৈছে সম্পূৰ্ণ লকডাউনৰ সময়সীমা। অহা ৩১ আগষ্টলৈ ৰাজ্যখনত বাহাল থাকিব সম্পূৰ্ণ লকডাউন।


10 views0 comments

Comments


OUR PROGRAM
bottom of page