top of page
  • Writer's pictureTimeline Asom

ধুবুৰী আৰক্ষীয়ে জব্দ কৰে ৩৮টা গৰু সহ এখন যন্ত্ৰ চালিত নাও ।

এটা গুৰুত্বপূৰ্ণ খবৰ ।

ধুবুৰী আৰক্ষীয়ে জব্দ কৰে ৩৮টা গৰু সহ এখন যন্ত্ৰ চালিত নাও ।


ৰবিবাৰৰ নিশা ধুবুৰীৰ তামাৰহাট পুলিচ চকীৰ অন্তৰ্গত গংগাধৰ নদীৰ পাৰত ধুবুৰী পুলিচে ৩৮টা গৰু সহ এখন যন্ত্ৰ চালিত নাও জব্দ কৰে | জানিব পৰা মতে, গৰুবোৰ অবৈধভাৱে বাংলাদেশলৈ পঠিওৱা যো-জা চলাইছিল কিন্তু সঠিক সময়তে ধুবুৰী আৰক্ষীয়ে যন্ত্ৰচালিত নাও আৰু ৩৮টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় |

নৱ নিযুক্ত ধুবুৰী জিলাৰ 'জিলা আৰক্ষী অধীক্ষক' IPS আনন্দ মিশ্ৰাৰ নেতৃত্বত এই অভিযান সফল হয় । উল্লেখ্য যে, ধুবুৰীত দীৰ্ঘদিনৰ পৰা চলি অহা এই চোৰাং গৰুৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰী আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত সময়ত লক্ষ্যনীয় হ'ব |


- ধুবুৰীৰ পৰা বিজু ভকতৰ প্ৰতিবেদন Timeline অসম

21 views0 comments

Comments


bottom of page