top of page

চামগুৰিত ড্ৰাগছ ব্যৱসায়ী আটক

Writer: Timeline Asom
Timeline Asom
Jul 31, 2020
1 min read

চামগুৰি আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে বুজন পৰিমানৰ হিৰ'ইনসহ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ।

যুৱক দুজনৰ নাম চুমচুম ভূঞা আৰু দীপু বসুমতাৰী ।

চুমচুম ভূঞা নামৰ যুৱকজন পুৰণিগুদাম বিষয়াচুক গাঁৱৰ নিবাসী পুলক চন্দ্ৰ গায়নৰ পুত্ৰ আৰু অানজন ড্ৰাগছ ব্যৱসায়ী দীপু বসুমতাৰী বৰজুৰি নিবাসী হেমন্ত বসুমতাৰীৰ পুত্ৰ ।

জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সূত্রৰ পমখেদি ৰঙাগঢ়া অঞ্চলৰ পৰা ১১·৭৪০ গ্ৰাম হিৰইনসহ দুয়োজন যুৱকক আটক কৰে ।

ড্ৰাগছ ব্যৱসায়ী চুমচুম ভূঞা নগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ উচ্চ বৰ্গৰ সহায়িকা পুতুলী কাকতিৰ জেষ্ঠ পুত্ৰ বুলি জানিব পৰা গৈছে৷

আটকাধীন দুয়োজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি স্বাৱ-পৰীক্ষণৰ লগতে জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷


পুৰণিগুদামৰ পৰা ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page