top of page
  • Writer's pictureTimeline Asom

এইবাৰ হত্যাৰ ভাবুকি দিছে চাহ বাগিচাৰ এগৰাকী পৰিচালকে

এইবাৰ হত্যাৰ ভাবুকি দিছে চাহ বাগিচাৰ এগৰাকী পৰিচালকে। এই ঘটনা সংঘটিত হৈছে বোকাখাতৰ বৰজুৰিত।

বোকাখাত মহকু‍মাৰ অন্তৰ্গত বৰজুৰিত সোমবাৰে জীৱন মুৰ্মু নামৰ যুৱকজনে নিজৰ কম্পিউটাৰ চেন্টাৰত কৰ্ম সম্পাদন কৰাৰ পাছত সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ এখন হোটেলত সোমাওতেই হোটেলখনত উপস্থিত থকা মেথনি চাহ বাগিচাৰ পৰিচালক জে.চি ফাৰ্নাণ্ডেজে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগে লগেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ইফালে ঘটনাৰ সবিশেষ জানিব পাৰি ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হোৱা জীপাল কৃষক শ্ৰমিক সংঘ,স্থানীয় ৰাইজ, চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বাগিচা পৰিচালকজনৰ সৈতে ঘটনা সম্পৰ্কে আলোচনা কৰিবলৈ বিচৰাত অভব্য আচৰণহে প্ৰদৰ্শন কৰে।পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিচালকজনক বোকাখাত থানালৈ আনে যদিও ৰহস্যজনক ভাৱে অভিযোগকাৰীৰ গোচৰ ৰুজু কৰিবলৈ নিবিচৰাত জীপাল কৃষক শ্ৰমিক সংঘৰ কৰ্মকৰ্তা,চাহ জনজাতি ছাত্ৰ সন্থা ,চাওতাল ছাত্ৰ সন্থা আৰু স্থানীয়লোকৰ তীব্ৰ হেঁচাতহে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় বোকাখাত ‍আৰক্ষী।উল্লেখযোগ্য যে, মেথনি চাহ বাগিচাৰ এইজন বাগিচা পৰিচালকে বাগিচাৰ লোকসকলক অভব্য আচৰণ কৰাৰ ঘটনা নতুন নহয়। ইয়াৰোপৰি, বাগিচাখনৰে কিছু সংখ্যক দালালে পৰিচালক গৰাকীক ৰক্ষণাবেক্ষণ দি অহাৰো অভিযোগ তুলিছে চাহ জনজাতি ছাত্ৰ সন্থাই।

আনহাতে স্থানীয় ৰাইজ,জীপাল কৃষক শ্ৰমিক সংঘ , চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাই সোমবাৰৰ ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে বিতৰ্কিত পৰিচালকজনক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰাৰ সময়তে বোকাখাত আৰক্ষীয়ে তদন্তৰ নামত বাগিচা পৰিচালক গৰাকীক ৰক্ষণাবেক্ষণ দিবৰ বাবে অভিযোগকাৰী পক্ষৰ পৰা ভুৱা স্বীকাৰোক্তি গ্ৰহণৰ অভিযানতহে নামি পৰিছে বুলি জানিব পৰা গৈছে।


বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন টাইমলাইন অসম।।

39 views0 comments

Comments


bottom of page