top of page

ধিঙত চোৰৰ তাণ্ডৱ

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 12, 2020
  • 1 min read

কৰ'ণাই ৰাজ্যখনত সাধাৰণ জনতাৰ জীৱন যাত্ৰা স্তব্ধ কৰি তোলাৰ সময়তে একাংশ চোৰৰ দল নামি পৰিছে চুৰি কাৰ্যত। দেওবাৰে নিশা নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত বৰভেটি তিনিআলি বজাৰস্থিত মহিবুৰ ইছলামৰ কাপোৰৰ দোকানত সংঘটিত হয় এক চুৰিকাণ্ড । জানিব পৰা মতে , দোকানৰ বেৰ কাটি চোৰে লৈ যায় নগদ ধন আৰু ১০ হেজাৰ টকাৰ কাপোৰ । ইয়াৰ পিছতে বৰভেটি গাঁৱৰ গাঁওৰক্ষী বাহিনী আৰু গাঁৱৰ ৰাইজে হাতে-লুটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় চুৰি কাৰ্যত জড়িত দলটোৰ ইকবাল হুছেইনক । কিছুদিন পূৰ্বে এই চোৰৰ দলটোৰ পৰাই এজন সদস্য ছাদ্দাম হুছেইনক কৰায়ত্ত কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিল । অৱশেষত, উক্ত চুৰিকাণ্ডৰ লগত জড়িত ইকবাল হুছেইনক গাঁৱৰ গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীয়ে স্থানীয় আৰক্ষীক চমজাই দিয়ে।



ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page