top of page

কৰ'ণাৰ গণ সংক্ৰমণৰ দিশে নগাঁৱৰ পুৰণিগুদাম।

Writer: Timeline Asom
Timeline Asom
Aug 5, 2020
1 min read

নগাঁও পুৰণিগুদামৰ বিভিন্ন অঞ্চলত এতিয়া বৃদ্ধি পাইছে কৰ'ণাৰ গণ সংক্ৰমণ ।পুৰণিগুদামৰ প্ৰধান কেন্দ্ৰ স্বৰূপ কেঞাপট্টি তিনিআলিত ইতিমধ্যে ৭ জনকৈ লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে। এই সাতগৰাকী লোকৰ ভিতৰত আছে দুগৰাকী বন্ধন গোটৰ কৰ্মচাৰী।এই সকল লোকে বিভিন্ন সময়ত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছে বুলি জানিব পৰা গৈছে ।গতিকে পুৰণিগুদামৰ ৰাইজ অধিক আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। আনহাতে স্বাস্থ্য বিভাগৰ লোকে এটা CAMPUS ইতিমধ্যে CONTAINMENT ZONE হিচাপে ঘোষণা কৰিছে।


পুৰণিগুদামৰ পৰা ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page