top of page
  • Writer's pictureTimeline Asom

১৬ আগষ্টৰ পৰা ৰাজ্যত নতুন নিয়ম



১৬ আগষ্টৰ পৰা সলনি হ’ব কোভিড১৯ সংক্ৰান্তত জাৰি কৰা ৰাজ্য চৰকাৰৰ নিয়ম।


- পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯.৩০ বজালৈ শিথিল।


- ইয়াৰ পূৰ্বে পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈকেহে শিথিল কৰা হৈছিল।


- ৰাস্তাৰ এটা ফালে অৱশ্যে দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব এই সময়চোৱাত।


- সোমবাৰৰ পৰা শুকুৰবাৰলৈ কৰিব পাৰিব আন্তঃজিলা যাতায়াত।


- নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।


- ১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ এই নতুন নিয়ম।


- মহানগৰীত চিটি বাছসমূহৰ সেৱা মুকলি কৰি দিয়া হ’ব।


- অৱশ্যে ৫০ শতাংশ যাত্ৰী আৰু কোভিড১৯ৰ ক্ষেত্ৰত জাৰি কৰা প্ৰ’ট’কল মানি চলিব লাগিব।


- ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰতো শিথিলতা।


- ৫০ শতাংশ যাত্ৰীৰে কোভিড প্ৰট’কল মানি চলাচল কৰিব পাৰিব ৰাজহুৱা যান-বাহন।


- ব্যক্তিগত যান-বাহন চলাচলৰ ক্ষেত্ৰত সান্ধ্য আইনত বিশেষ কঠোৰ ব্যৱস্থা।


- ৰাজহুৱা স্থানত থু পেলোৱা, ধপাত সেৱন কৰা, সুৰা সেৱন নিষিদ্ধ কৰা হৈছে।


- চিনেমা হল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ হল, অডিট’ৰিয়াম আদি বন্ধ থাকিব।


- শনিবাৰ আৰু দেওবাৰে পূৰ্বৰ দৰে সম্পূৰ্ণ লকডাউন।


- ৬৫ বছৰ উৰ্ধ আৰু ১০ বছৰ তলৰ কোনো ল’ৰা-ছোৱালী ঘৰতে থকাৰ পৰামৰ্শ।


- ৰাজহুৱা স্থান, কৰ্মস্থলীত মাস্ক পৰিধান কৰাতো বাধ্যতা মূলক।


- অন্যথা ১০০০ টকা জৰিমনা ভৰিব লাগিব।


এই নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিব কুমাৰ সঞ্জীৱ কৃষ্ণাই।

14 views0 comments

コメント


bottom of page