top of page

কচমেটিক সামগ্ৰীৰ সৈতে বটদ্ৰৱা আৰক্ষীৰ জালত গভাইত চোৰ আব্দুল হাই

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 25, 2020
  • 1 min read


কচমেটিক দোকানলৈ ৰূপান্তৰিত হ'ল এখন আৰক্ষী থানা। আৰক্ষী থানাত উপলব্ধ চুলিত ঘঁহা তেল, মুখত ঘঁহা ক্ৰীম, ছানক্ৰিম, বডি লোচন, বেবি অইল, ফেচ ক্ৰিম আদি বিভিন্ন প্ৰসাধন সামগ্ৰী। কিন্তু ভুলতেও এয়া বিক্ৰীৰ বাবে বুলি নাভাবিব । এয়া হৈছে বটদ্ৰৱা আৰক্ষীয়ে চোৰৰ সৈতে হাতে-লোটে উদ্ধাৰ কৰি অনা চুৰি সামগ্ৰী। ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে নিশাৰ ভাগত বটদ্ৰৱাৰ শান্তিজান বজাৰস্থিত আব্দুল ৰফিক নামৰ ব্যৱসায়ীজনৰ দোকানৰ দুৱাৰ ভাঙি চুৰে চলাইছিল লুট-পাট। শুক্ৰবাৰে বটদ্ৰৱা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ আব্দুল হাই নামৰ চোৰটোৰ ঘৰত অভিযান চলাইছিল । আৰক্ষীৰ অভিযানত আব্দুল হাইৰ গৃহৰ পৰা কচমেটিক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আজি বটদ্ৰৱা আৰক্ষীয়ে গভাইত চোৰ আব্দুল হাইৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে উক্ত আব্দুল হাই নামৰ গভাইত চোৰটোৱে দীৰ্ঘদিন চুৰি কাৰ্যৰ লগত জড়িত হৈ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

- বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন Timeline অসম

Comments


OUR PROGRAM
bottom of page