কাৰ্গিল বিজয় দিৱসত শ্বহীদ সতীৰ্থক সুঁৱৰিলে যুদ্ধক্ষেত্ৰত অসমৰ সাহসী প্ৰাক্তন সৈনিক শোভন কাকতিয়ে ।।
তাৰিখটো আছিল ২৬ জুলাই । ২১সংখ্যক কাৰ্গিল বিজয় দিৱস। ভাৰতবৰ্ষৰ বাবে এটা চিৰস্মৰণীয় দিন। স্মৰ্তব্য যে, ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তানী সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে উক্ত বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজা--ৰাষ্ট্ৰীয় ত্ৰিৰংগ পতাকা।
দেশ মাতৃক ৰক্ষাৰ বাবে এই যুঁজ প্ৰায় ডেৰমাহ দিন ধৰি চলিছিল। উক্ত যুঁজত কেইবাশতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰ ভাৰতীয় জোৱান। এয়া আছিল ভাৰতীয় ইতিহাসৰ কৰুণ গাঁথা। ইমানৰ পাছতো ভাগৰি পৰা নাছিল ভাৰতীয় সামৰিক বাহিনী। পাকিস্তানী শত্ৰুৰ সকলো কৌশল উফৰাই এই দিনটোতে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয়ৰ নিচান। সেই দিন ধৰি উক্ত তাৰিখতে পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস।
সেই যুদ্ধৰ সময়ৰ গুলী-বাৰুদ, মিছাইলৰ বিভীষিকাময় শব্দই উত্তপ্ত কৰি তুলিছিল কাৰ্গিলৰ সমগ্ৰ পৰিবেশ। এই গা শিঁহৰি উঠা যুদ্ধত দেশ মাতৃৰ বাবে সহস্ৰজনৰ লগতে অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে কৰুণভাৱে মৃত্যুক সাৱটিবলগা হয়। এইসকল ভাৰতীয় সেনা জোৱানে ১১দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈয়ে যুদ্ধত অৱতীৰ্ণ হৈছিল। মাত্ৰ এটা ৰঙালাও খাই তীব্ৰ খাদ্য সংকটৰ মাজতো ৭ জনকৈ সৈনিকে কেইবাটাও ৰজনী কটাবলগীয়া হৈছিল।
উল্লেখ্য যে, বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নিঠৰ দেহ মৃত্যুৰ দহ দিনৰ পিছত বৰফৰ মাজৰপৰা আন দহজনকৈ নিহত সতীৰ্থ যোদ্ধাৰ সৈতে উদ্ধাৰ হৈছিল । জিন্টু গগৈৰ সৈতে পাকিস্তানী সেনাৰে সমুখ সমৰত লিপ্ত হৈছিল অসমৰ আন এগৰাকী সৈনিক। যি গৰাকী সৈনিকৰ কোলাতে মৃত্যু বৰণ কৰিছিল বিক্ৰম সিং নামৰ আন এজন ভাৰতীয় সেনাই।
কাৰ্গিল যুদ্ধৰ এই কৰুণ গাঁথাৰ আজিও জীৱন্ত সাক্ষী হৈ ৰোৱা অসমৰ সেইগৰাকী সেনা জোৱানেই হৈছে শোভন চন্দ্ৰ কাকতি। এই গৰাকী প্ৰাক্তন সেনাই সুদীৰ্ঘ ২৬ বছৰ কাল ভাৰতীয় সেনাবাহিনীৰ শিৱিৰত চিকিৎসা বিভাগৰ দায়িত্বত কৰ্মৰত আছিল। এই গৰাকী সৈনিকে বিগত ২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰে । অৱসৰপ্ৰাপ্ত এই গৰাকী সৈনিকৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীত ।
বহু চৰ্চিত সেই কাৰ্গিল যুদ্ধৰ চাক্ষুস অভিজ্ঞতাৰ সাক্ষী এই গৰাকী সৈনিকে অতীত অভিজ্ঞতাক সুঁৱৰি আবেগিক হৈ পৰে।
লকডাউনৰ পৰিপ্ৰেক্ষিতত তেওঁ উক্ত তাৰিখতে সতীৰ্থ শ্বহীদসকলৰ স্মৃতিত ঘৰতে বন্তি প্ৰজ্বলন কৰি সোঁৱৰণ কৰিছে যুদ্ধৰ কৰুণ গাঁথা টাইমলাইন অসম সমুখত ।
- নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন, টাইমলাইন অসম।
Comments