top of page

কি এ আই ইউ ডি এফ, কি কংগ্ৰেছ,কি বিজেপি

Writer: Timeline Asom
Timeline Asom
Aug 8, 2020
1 min read

Updated: Aug 9, 2020

কি এ আই ইউ ডি এফ, কি কংগ্ৰেছ,কি বিজেপি । যমুনামুখত বিগত ১৫ টা বছৰেও নহ'ল উন্নয়ন । এই অভিযোগ আমাৰ নহয় , এই অভিযোগ আম আদমী পাৰ্টিৰ।


এইবাৰ হোজাইত আম আদমী পাৰ্টিৰ কুচকাৱাজ । চৰকাৰী নীতি নিয়ম মানি হোজাইৰ ডবকাত অনুষ্ঠিত হয় আম আদমী পাৰ্টিৰ সভা।


যমুনামুখত পতন ঘটিছে নেকি অন্যান্য ৰাজনৈতিক দলৰ ? কেনেকৈ ক'ৰ পৰা আহি যমুনামূখ সমষ্টিত সিপা মেলিছে আম আদমি পাৰ্টীয়ে। তাকে লৈ সৰ্বত্ৰে চলিছে চৰ্চা। উন্নয়নৰ ফটা ঢোল বজোৱা গেৰুৱা বাহিনী আৰু দীঘলীয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া এ আই ইউ ডি এফৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে যমুনামুখ সমষ্টিৰ ৰাইজ । এ আই‌ ইউ ডি এফৰ দখলত থকা যমুনামুখত বিগত ১৫ টা বছৰেও নহ'ল উন্নয়ন। ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰো অৱস্থা তথৈবচ । এফালে ল'বি কেন্দ্ৰীক ৰাজনীতি, আনফালে নেতাৰ নেতাগিৰি। যোগ্য নেতাৰ অভাৱত ধ্বংসৰ গৰাহত কংগ্ৰেছ। যমুনামুখবাসীৰ দীৰ্ঘদিনীয়া আশাত চেঁচা পানী ঢালি আহিছে এ আই ইউ ডি এফৰ লগতে কংগ্ৰেছ আৰু বিজেপিয়ে। এই অভিযোগ অধিবক্তা চাহাব উদ্দিন চৌধুৰীৰ। চাহাব উদ্দিন চৌধুৰীৰ নেতৃত্বত ডবকাত অনুষ্ঠিত হৈছিল আম আদমী পাৰ্টিৰ সভা। উক্ত সভাতে শতাধিক লোকে আম আদমী পাৰ্টিত যোগদান কৰাক লৈ যমুনামূখৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ।



ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page