top of page

এগৰাকী আৰ্চাৰী খেলুৱৈ ।। নাম ছীজা চাবৰিন।

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 12, 2020
  • 1 min read

শিৱসাগৰৰ এগৰাকী উদীয়মান আৰ্চাৰী খেলুৱৈ ছীজা চাবৰিন , জাহিদ আলি আৰু ৰুমী বেগমৰ কন্যা । ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছীজা চাবৰিনে। ক্ৰীড়াজগতত বহু সন্মানৰ অধিকাৰী হৈছে যদিও আৰ্থিক অসুবিধাৰ বাবে এতিয়া যেন থমকি ৰ’বলগীয়া হৈছে খেলুৱৈগৰাকী। সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে উদীয়মান আৰ্চাৰী খেলুৱৈ ছীজা চাবৰিনে। সচেতন মহলত প্ৰশ্ন উঠিছে, আৰ্থিক বাধাগ্ৰস্ততাৰ বাবেই অসমে হেৰুৱাব নেকি এগৰাকী প্ৰতিভাসম্পন্ন ৰাষ্ট্ৰীয় খেলুৱৈ? অনাগত দিনবোৰত উদীয়মান খেলুৱৈ গৰাকীয়ে ক্ৰীড়া জগতত আগুৱাই যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ক্ৰীড়া বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়।


শিৱসাগৰৰ পৰা

মাধৱ গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Kommentare


OUR PROGRAM
bottom of page