নাৰায়ণপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লাচিত সেনাৰ মানৱ-শৃংখল
- Timeline Asom
- Jul 27, 2020
- 1 min read
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নাৰায়ণপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লাচিত সেনাৰ মানৱ-শৃংখল ।।

কৃষক নেতা অখিল গগৈক বিগত ৭ মাহ ধৰি কাৰাবন্দী কৰি ৰখাৰ প্ৰতিবাদত আৰু শীঘ্ৰে কৃষকনেতা গৰাকীক মুক্তিৰ দাবীত নাৰায়ণপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনা (অসম)ৰ উদ্যোগত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত এক মানৱ-শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰাৰ লগতে 'কা' আন্দোলনত অংশ গ্ৰহণ কৰি গ্ৰেপ্তাৰ বৰণ কৰাসকলকো মুক্তি দিয়াৰ দাবী জনায়। ডেৰ ঘণ্টা সময় ধৰি মানৱ-শৃংখলত অংশ লোৱা প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ--"আমাক দয়া নালাগে, মমতা নালাগে, লাগে মাথো ন্যায়" আদি বিভিন্ন শ্লোগানৰ উপৰি জাতীয়তাবাদী গীতেৰে সজোৰে দাবী উত্থাপন কৰে। উল্লেখ্য যে, বিগত নিৰ্বাচনী সভাত বৰ্তমানৰ বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সমূলি ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে। চৰকাৰখনে "কা" প্ৰণয়ন কৰি কেৱল বহিৰাগত বাংলাদেশীক আমদানি কৰি ৰক্ষণাবেক্ষণ দিয়াতহে গুৰুত্ব প্ৰদান কৰা বুলিও অভিযোগ তোলে ৷ আনহাতে, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈও সংগঠনদুটাই দাবী জনায়।

- নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন, টাইমলাইন অসম।।
Comments