top of page
  • Writer's pictureTimeline Asom

একবিংশ শতিকাত পৰিৱৰ্তনমুখী অসমীয়া ভাষাৰ স্বৰূপ - বিশেষ লেখা

লেখকঃ বিনীতা ভূঞা।


ডিব্ৰু মহাবিদ্যালয়ে আয়োজন কৰা "একবিংশ শতিকাত পৰিৱৰ্তমুখী অসমীয়া ভাষাৰ স্বৰূপ " শীৰ্ষক ৱেবিনাৰ এখনত অংশ লোৱাৰ সুযোগ পালোঁ ৷ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ যেন অনুভৱ হোৱাত অংশ ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছিলো ৷ শ্ৰদ্ধাৰ ৰাভা ছাৰৰ বাবে যোগদান সম্ভৱ হ'ল ৷


অনুষ্ঠানটিত শ্ৰদ্ধাৰ ডঃ ভীমকান্ত বৰুৱা ছাৰ আৰু শ্ৰদ্ধাৰ ডঃ উপেন ৰাভা হাকাচাম ছাৰে নিৰ্ধাৰিত বিষয়টোৰ সম্পৰ্কত সীমিত সময়ৰ ভিতৰতে "হাতী মাৰি ভূৰুকাত ভৰোৱাৰ দৰে " সুন্দৰ আলোচনা আগবঢ়ায় ৷ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আমাৰ অনুভৱ লিখাৰ প্ৰয়াস কৰিছোঁ ৷


আমি জানো সমাজ, সংস্কৃতি আৰু ভাষা এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৷ এই সমাজত বাস কৰা মানুহৰ মনৰ ভাব প্ৰকাশৰ উদ্দেশ্যেই ভাষাৰ জন্ম ৷


সময়ৰ লগে লগে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ পৰিৱৰ্তন অহাতো স্বাভাৱিক ৷ আমাৰ অসমৰ ভাষা সংস্কৃতিৰ দিশতো অবধাৰিতভাবে এই পৰিবৰ্তন আহিছে ৷ এনে পৰিবৰ্তনে আমাৰ মনলৈ কিছু প্ৰশ্ন আনিছে ৷


যেনেঃ এই পৰিবৰ্তনে ভাষা এটাক মৃত্যু মুখলৈ ঠেলি দিব পাৰে নেকি ? আমি সচেতনভাৱে ভাষাৰ পৰিবৰ্তনক মানি লৈছোঁ নেকি ? অসমীয়া ভাষাতো ক্ৰমাৎ মিশ্ৰ ভাষা হৈ পৰিছে নেকি ? পৰিবৰ্তনক মানি নললে আমি ৰক্ষণশীল হৈ পৰিম নেকি ? ইত্যাদি ইত্যাদি বহু প্ৰশ্নই মনলৈ আহে ৷ অহাতো স্বাভাৱিক ৷


এনে প্ৰশ্নবোৰ সন্মুখত লৈ দুয়োগৰাকী স্বনামধন্য অধ্যাপকে তেখেত সকলৰ মতামত আৰু চিন্তা বৰ সুন্দৰকৈ উদাহৰণসহ ব্যাখ্যা কৰিছে ৷


ভাষাৰ পৰিবৰ্তন ঘাইকৈ ধ্বনিগত, ৰূপগত আৰু বাক্যগত দিশত লক্ষ্য কৰা যায় ৷ একবিংশ শতিকাত এই পৰিবৰ্তন লক্ষনীয়ভাবে বৃদ্ধি পাইছে ৷ ইংৰাজী শিক্ষাৰ প্ৰসাৰ, আধুনিকতাবাদী আদব কায়দাক আমি অত্যাধিক আগ্ৰহেৰে আদৰি লোৱাৰ ফলশ্ৰুতিত আমি নিজৰ মাতৃভাষাক এলাগী কৰিছোঁ ৷ অপ্ৰিয় সত্য ৷


অনুষ্ঠানটিত উল্লেখ কৰা বহুবোৰ উদাহৰণৰ ভিতৰত কেইটামান উল্লেখ কৰিলোঁ ৷


আজিকালি আখলঘৰ গুচি কিচ্চেন হ'ল, বাইদেউ গুছি মে'ম বা মেডাম হ'ল, ড্ৰয়িং ৰুম , বেড ৰুম, বাথৰুম, ৱাশ্ব ৰুম বুলি কৈহে আমি ভাল পোৱা হ'লো ৷ চ'ৰা ঘৰ, শুৱনি কোঠা, গা ধোৱা ঘৰ বুলি আজিৰ চামৰ প্ৰজন্মই নোকোৱা হ'ল ৷ গৃহসজ্জাৰ সামগ্ৰীকে আদি কৰি সম্বোধনবাচক শব্দ সকলোলৈকে পৰিবৰ্তন আহিল ৷ পৰিকলন যন্ত্ৰ বা ভ্ৰাম্যমাণ যন্ত্ৰ বুলি ক'লে কম্পিউটাৰ বা মোবাইলক বুজাই বুলি আজিৰ প্ৰজন্মৰ বহুতেই নাজানে ৷ অসমীয়া ভাষাৰ শব্দ প্ৰয়োগৰ দিশত এনে দেধাৰ উদাহৰণ আছে ৷ বাক্যৰ ক্ষেত্ৰতো মিশ্ৰ শব্দৰ প্ৰয়োগে কৰা পৰিবৰ্তনৰ কথা ভালেমান উদাহৰণ দি উল্লেখ কৰিছে ৷


বিশেষকৈ বাতৰি কাকতত সঘনাই পঢ়িবলৈ পোৱা "আজি আমাৰ ডিচকাছৰ টপিক হ'ল,,," "মানুহবোৰ ইমান পেনিক কিয় হৈছে,,," "লকডাউন এক্সটেণ্ড কৰা যুক্তিসংগত নে? " ,,,এনে বহু সাম্প্ৰতিক সময়ত ব্যৱহাৰ কৰা বাক্য বৰ সুন্দৰকৈ দুয়োগৰাকী বক্তাই আঙুলিয়াই দিছে ৷


আজিকালি আমি চিৰিয়েল চাই ভাল পাওঁ, ধাৰাবাহিক নহয় ৷ আজিকালি ড্ৰাইভিং বুলি কোৱাতকৈ ড্ৰাইভ কৰা বুলিলেহে কথাটো শুনি ভাল লাগে ৷ ভাইৰাছ মানে বীজাণু ৷ আমি বীজাণু বুলি কোৱাতকৈ ভাইৰাছ বুলিহে কৈ ভাল পাওঁ ৷ ক'ৰনা ভাইৰাছৰ কথাকে এটা উল্লেখযোগ্য উদাহৰণ হিচাপে উল্লেখ কৰা হৈছে ৷ কথা বা ছবি আজিকালি "ভাইৰেল " হয় ৷ কাপোৰৰ ৰং যোৱা বুলি নকৈ ডিছকালাৰ হয় বুলি কৈ ভাল পাওঁ ৷ কিবা এটা বস্তু শেষ হলে খতম হ'ল বুলি কওঁ ৷


ক'ৰনাকালীন সময়ত আগমন ঘটা বহুকেইটা শব্দ আমি ইংৰাজী ভাষাতে ব্যৱহাৰ কৰি আছোঁ ৷ "কোৱাৰেণ্টাইন," "লকডাউন," "হট স্পট", "ৰেড জ'ন ", "গ্ৰীন জ'ন," "অৰেঞ্জ জ'ন," "কনটেইনমেন জ'ন" আদি কৰি বহু নতুন শব্দ অসমীয়া ভাষাত ব্যৱহৃত হ'ল ৷ ৱেবিনাৰ, ই-চাৰ্টিফিকেটৰ জনপ্ৰিয়তা বাঢ়িল ৷ ভিডিঅ কনফাৰেন্সিং, ই-পেমেণ্ট, ই-কমাৰ্চ আদি শব্দৰ ব্যৱহাৰ ইতিমধ্যে হৈ আছে ৷


এনেদৰে সময়ৰ লগে লগে অসমীয়া ভাষালৈও পৰিৱৰ্তন আহিছে ৷ এই পৰিবৰ্তনে অসমীয়া ভাষাৰ স্বকীয়তাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৷ ভাষাৰ সুৰীয়া প্ৰয়োগ নোহোৱা হৈ আহিছে ৷ পৰিৱৰ্তনক মানি লৈয়ো ভাষাটোক কিদৰে সম্পূর্ণৰূপে বিলুপ্ত হ'ব দিব নালাগে সেই সম্পৰ্কে বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছে ৷ এই ক্ষেত্ৰত সচেতনতা মুখ্য বিষয় ৷ আমি ভাষা ব্যৱহাৰৰ দিশত সচেতন হোৱা উচিত ৷


নৱ প্ৰজন্মক মাতৃভাষাৰ জ্ঞান দিয়া উচিত ৷ পৰিয়ালৰ মাজত মাতৃভাষা ব্যৱহাৰ কৰিলে শিশুৱে সেই ভাষা সোনকালে আয়ত্ব কৰিব পাৰে ৷ ভাষাৰ এনে সংকটৰ সময়ত সাহিত্য সংস্কৃতিৰ অনুষ্ঠানকে আদি কৰি বিভিন্ন মাধ্যমত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিলেহে ভাষাটোৰ সৌষ্ঠৱ ধৰি ৰখাত সহায় হ'ব ৷ ভাষাৰ পৰিৱৰ্তন সন্তুলিত ৰূপত হোৱা বাঞ্চনীয় ৷ হকে বিহকে আনৰ ভাষাৰ শব্দ ব্যৱহাৰ কৰিলে ভাষাৰ স্বকীয়তা হ্ৰাস পায় ৷ ই অকল অসমীয়া ভাষা বুলিয়েই নহয় সকলো ভাষাৰ ক্ষেত্ৰতে প্ৰযোজ্য ৷


ৱেবিনাৰখনত এটি গুৰুত্বপূৰ্ণ বিষয়ক খুব সুন্দৰকৈ আলোচনা কৰা হয় ৷ বহু কথা নতুনকৈ চিন্তা কৰাৰ সুযোগ পালোঁ ৷ ভাল লাগিল ৷ আয়োজক ডিব্ৰু মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ শলাগ ল'লো ৷ দুযোগৰাকী শ্ৰদ্ধাৰ ছাৰলৈ আন্তৰিক শ্ৰদ্ধা যাচিলোঁ ৷ Upen Rabha Hakacham


BINITA BHUYAN

49 views0 comments

Comments


bottom of page