top of page

কাইলৈৰ পৰা শিৱসাগৰ জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতিৰ প্ৰযোজ্য

Writer: Timeline Asom
Timeline Asom
Jul 7, 2020
1 min read



১| সপ্তাহৰ সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰে যুগ্ম আৰু মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অযুগ্ম পঞ্জীয়ন থকা যান বাহন চলাচল কৰিব পাৰিব।

২ | যান বাহন চলাচল কৰোতে সকলো নথি পত্ৰ লগত ৰখাটো বাধ্যতামূলক । অন্যথা আইনে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব ।


৩| যান বাহন চলাচলৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ক'ভিড 19 ৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব ।


৪| চৰকাৰী কৰ্মচাৰী, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, সংবাদ কৰ্মী আৰু জৰুৰীকালীন, অত্যাৱশ্যকীয় সেৱাত জড়িত লোক সকলক এই নিয়মৰ পৰা ৰেহাই দিহা হৈছে। কিন্তু এই নিয়মৰ পৰা ৰেহাই পোৱা প্ৰত্যেকেই নিজৰ পৰিচয় পত্ৰ লগত ৰাখিব লাগিব ।।


কিছু সময়ৰ আগতে সামাজিক মাধ্যম ফেচবুকৰ যোগেদি এই কথা জানিবলৈ দিয়ে শিৱসাগৰ জিলা তথ্য আৰু জন সংযোগ বিভাগে।


ডিমৌৰ পৰা

অভিজিত গগৈ

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page