top of page

লখিমপুৰত একুৰা জুয়ে খেদিছে এটা পৰিয়ালক

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 14, 2020
  • 1 min read

আতংকত ৰজনী কটাইছে গঞাই


একুৰা অদৃশ্য জুয়ে খেলিছে এটা পৰিয়ালক। এই ঘটনা ঘটিছে লখিমপুৰ জিলাত। জিলাখনৰ পশ্চিমাঞ্চলৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খেৰাজখাত মৌজাৰ ভৰলাপাৰ গাঁৱৰ বলো শইকীয়া নামৰ লোকজনৰ ঘৰত ঘটিছে এই ঘটনা।



যোৱা শনিবাৰৰপৰা অদৃশ্য একুৰা জুয়ে আতংকিত কৰি পৰিয়ালটিৰ কাপোৰ থোৱা বাকচ, কাপোৰৰ আলনা, বিচনাৰ কাপোৰ, খেৰৰ ঘৰ, আনকি পিন্ধি থকাৰ অৱস্থাত কাপোৰত জুই জ্বলি উঠে ।


দিন হাজিৰা কৰি পেট-ভাত মোকলাই অহা বলো শইকীয়াৰ সাতজনীয়া পৰিয়ালটিৰ প্ৰথম পুত্ৰ জয়ন্তৰ পত্নী মৰমীৰ গাৰ কাপোৰত বহুবাৰ লাগিছে এই জুই।


পৰিয়ালটি সম্প্ৰতি অসহায় হৈ পৰিছে এই অদৃশ্য শক্তিৰ ওচৰত। খোৱা-শোৱা পাহৰি পেলাইছে আতংকিত হৈ পৰা পৰিয়ালটিয়ে। বলো শইকীয়াৰ বোৱাৰী মৰমীৰ গাৰ চাদৰত বহুবাৰ জুই জ্বলি উঠাৰ লগতে তেওঁৰ উচ্চতৰ মাধ্যমিকৰ আৰু কন্যা সীমাৰ স্নাতক ষান্মাসিকৰ শিক্ষাগত প্ৰমাণ পত্ৰ এই জুইত পুৰি নষ্ট হয়। অঞ্চলটোৰ স্থানীয় গাঁওবাসীয়ে আতংকত দিন পাৰ কৰি অহা পৰিয়ালটিক পহৰা দি অহাৰ লগতে খোৱাৰ ব্যৱস্থা আৰু কাপোৰৰ যোগান ধৰি আহিছে। ইপিনে, কালি নিশা স্থানীয় ৰাইজে ভাগৱত পাঠ কৰে আৰু আজি পৰিয়ালটোৰ লোকক গাঁওবাসীয়ে নিজা বাৰীতে অস্থায়ী ঘৰ সাজি থকাৰ ব্যৱস্থা কৰিছে। নিতৌ বহু লোকে বলো শইকীয়াৰ ঘৰত ঘটনা প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। অঞ্চলটোৰ একাংশ লোকে কোনো অজ্ঞাত বেজে অগ্নিবাণ ভৰা বুলি মন্তব্য কৰাৰ বিপৰীতে বহুতে বিজ্ঞানৰ যুগত এনে বেজালিৰ কথা মানি ল'ব খোজা নাই।



নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন, টাইম লাইন অসম।

Comments


OUR PROGRAM
bottom of page