top of page
  • Writer's pictureTimeline Asom

সংবাদ মাধ্যমৰ গণমুখী যাত্ৰাৰ বিপৰীতে নিউজ চেনেলৰ দ্বাৰা শিল্পীক অপমান আৰু কৰণীয়

লেখক - ধ্ৰুৱজ্যোতি সাহা

জয়ন্ত বৰুৱা ডাঙৰীয়াই অসমৰ সংবাদ ইতিহাসত গণমুখী যাত্ৰাৰ সূচনাৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে সৰ্ব সাধাৰণ মানুহৰ বাক্ স্বাধীনতা প্ৰতিষ্ঠাকালৰে পৰা তুলি ধৰাৰ ব্যৱস্থা কৰি আহিছে৷ খাটিখোৱা মেহনতী জনতাৰ স্বাৰ্থত সংবাদ গোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি গ্ৰহণ কৰি অহা ভূমিকা অসমৰ ডেৰশ বছৰীয়া সংবাদ ইতিহাসতে অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিষয়টোও চাগে কোনেও অস্বীকাৰ নকৰিব যে জনগণৰ মুক্তিৰ বাবে অহৰহ কচৰৎ কৰাৰ বাবেই সংবাদ গোষ্ঠীটোৰ ওপৰত বিভিন্ন সময়ত চৰকাৰী পক্ষৰ পৃষ্ঠপোষকতাত সমাজ বিৰোধী চক্ৰই নিৰ্যাতন চলাই আহিছে। কিছু কিছু ক্ষেত্ৰত এনে পৰ্যায় পাইছেগৈ যে সাংবাদিকৰ কলম বন্ধ কৰাৰ হেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক হত্যা পৰ্যন্ত কৰা হৈছে। কিন্তু, অপশক্তি যিমানেই শক্তিশালী নহওক কিয়, কলম যাতে কোনো দুষ্টচক্ৰই কেতিয়াও বন্ধ কৰিব নোৱাৰে তাৰ মুকলি প্ৰত্যাহ্বান জনাই আহিছে জয়ন্ত বৰুৱা ডাঙৰীয়াৰ নেতৃত্বৰ দলটোৱে৷ সম্প্ৰতি সঘনাই চলি থকা সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব তথা সাম্ৰাজ্যবাদী আগ্ৰাসন স্বত্বেও বৰুৱা ডাঙৰীয়াই আপোচবিহীনভাৱে জনতাৰ কণ্ঠ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ অসমৰ জাতীয় জীৱনৰ বাবেই অত্যন্ত প্ৰাসংগিক বিষয়৷ মহান মনীষী হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শ শিৰোগত কৰি অসমীয়া জাতিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে অহৰহ কচৰৎ কৰি থকা জয়ন্ত বৰুৱাদেৱৰ এই সংগ্ৰামত পৰাগ দাসৰ লগতে বিভিন্নজনে অকাল মৃত্যুক সাৱটিব লগা হোৱাৰ বিপৰীতে অজিত ভূঞা, প্ৰকাশ মহন্তকে প্ৰমুখ্য কৰি বিভিন্নগৰাকী সাংবাদিক ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হ'ব লগা হৈছে৷ সংবাদ মাধ্যমৰ গণমুখী যাত্ৰাত পৰাগ কুমাৰ দাসৰ 'বুধবাৰে'ও গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷


জনতাৰ কণ্ঠ হিচাপে অসমৰ সংবাদ ইতিহাসত বিভিন্নজনে বিশেষ ভূূূমিকা গ্ৰহণ কৰি অহাৰ পাছতো এটা ব্যক্তিগত নিউজ চেনেলত যোৱা ২০ জুন আৰু ২২ জুনত অনুষ্ঠিত হোৱা দুটা অনুষ্ঠানে সাংবাদিকতাৰ মান অত্যন্ত দুৰ্বল কৰা পৰিলক্ষিত হৈছে৷ সততে জনগণৰ কথা কোৱাৰ পাছতো ব্যক্তিগত নিউজ চেনেলটোৰ মুখ্য সম্পাদকগৰাকীয়ে লোৱা ভূমিকাই বছৰ বছৰ ধৰি বহুজনে বিৰামহীনভাৱে কৰি অহা প্ৰচেষ্টাক এই দুটা দিনৰ অনুষ্ঠানৰ জৰিয়তে দুৰ্বল কৰাৰ দৰেহে হৈছে৷ কাৰণ, অনুষ্ঠানৰ মহৎ উদ্দেশ্য প্ৰকাশৰ ক্ষেত্ৰত ব্যক্তিগত নিউজ চেনেলটোৰ মুখ্য সম্পাদকে গ্ৰহণ কৰা দুৰ্বল ভূমিকাত অসমৰ সংবাদ মাধ্যমৰ মান অৱনমিত কৰাই নহয়, প্ৰমূল্যবোধৰ সংকট আৰম্ভ হোৱাটো সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে৷ আনহাতে, ন্যায়ধীশৰ ৰূপত অৱতীৰ্ণ হোৱা মুখ্য সম্পাদকগৰাকীৰ বৌদ্ধিক চতুৰালিয়ে সাংবাদিকতাৰ নীতি-বিচাৰ (Ethics) বিসৰ্জন দিয়াৰ উপক্ৰম ঘটাইছে৷


আমি যদি লক্ষ্য কৰো তেন্তে দেখা পাম যে ধূপ-দীপেৰে বিষ্ণু ৰাভাক পূজা কৰি ৰাভাদেৱৰ বৈপ্লৱিক চিন্তাক একাষৰীয়া কৰাটো চৰকাৰী পক্ষৰ এক দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ৷ এই কু-চক্ৰান্তৰ বিপৰীতে বিষ্ণু ৰাভা দিৱসত উক্ত ব্যক্তিগত নিউজ চেনেলটোৱে গ্ৰহণ কৰা চিন্তা সঁচাকৈয়ে শলাগ ল'বলগীয়া৷ কিন্তু, বিষ্ণু ৰাভাৰ বিশেষ অনুষ্ঠানটোত ৰাভাদেৱৰ বিপ্লৱী চিন্তা চেতনাক গুৰুত্ব প্ৰদানৰ বিপৰীতে দুগৰাকী গায়কৰ দ্বাৰা ছবি অঁকাই অত্যন্ত বেপৰোৱাভাৱে নিলাম কৰাটো দৃষ্টিকটু বিষয়৷ বহুমুখী প্ৰতিভাধৰ গায়কগৰাকীৰ ছবিখন নিলাম কৰাত হয়তো কাৰো আপত্তি নাথাকিলেহেতেন, যদিহে ছবিখনত কম্পজিছন, বেলঞ্চ, হাৰ্মোনি আদি বিষয়বোৰ থাকিলেহেঁতেন৷ এইক্ষেত্ৰত ব্যক্তিগত নিউজ চেনেলটোৰ মুখ্য সম্পাদকগৰাকীৰ অসচেতনতাই নীৰৱ সাধক হিচাপে কাম কৰি থকা চিত্ৰশিল্পী সকলক কেৱল অপমান কৰাই নহয় বহুতৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ বাবে ছবি সম্পৰ্কীয় চিন্তাত আউল লগাব৷ সমান্তৰালভাৱে স্বাভিমানত আঘাত পোৱা চিত্ৰশিল্পীসকলৰ একাংশৰ মাজত থকা আস্থা হ্ৰাস হোৱাৰ লগতে ছবি এখন অংকণৰ ক্ষেত্ৰত জড়িত হোৱাৰ অন্তৰ্নিহিত সাধনাৰ মহৎ কথাটো তেনেই টুলুঙা হৈ পৰিছে৷ আনহাতে, সুপৰিকল্পনাৰ অভাৱত মুখ্য সম্পাদকগৰাকীৰ অনুষ্ঠানটিয়ে প্ৰকৃত উদ্দেশ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত যে অত্যন্ত দুৰ্বল ভূমিকা পালন কৰিছে সেয়ে একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে৷


সম্প্ৰতি বাতৰি কাকতেই হওক অথবা বৈদ্যুতিন মাধ্যমতেই হওক জনগণৰ দীৰ্ঘকালীন সমস্যাবোৰৰ বিপৰীতে গুৰুত্ব লাভ কৰে ধুৰন্ধৰ ৰাজনীতিকৰ অৰ্থহীন চুপতিয়ে। ইমান বেছি নিম্ন ৰুচিৰ বিষয়সমূহক একাংশ সংবাদ মাধ্যমে প্ৰাধান্য দিয়ে অথবা কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সমৰ্থনত কাম-কাজ কৰে যে জনগণে সংবাদ মাধ্যমৰ প্ৰতি নাক কোচোৱা আৰম্ভ কৰিছে। ফলত, স্তিমিত হোৱা অসমীয়া সাংবাদিকতাৰ গণমুখী ধাৰা তথা অসুস্থ ৰুচিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শাসকীয় পক্ষই নিজৰ লাভৰ বাবে জনতাৰ অহিত চিন্তা কৰিবলৈ সামান্যতমো কুণ্ঠাবোধ নকৰা হৈছে। এনে সন্ধিক্ষণত সাধাৰণ জনতাৰ বাবে উৎসৰ্গিত ব্যক্তিগত নিউজ চেনেলটোৰ এই কাৰুকাৰ্যই অসমৰ সচেতন ৰাইজক সমালোচনামুখৰ কৰাটো স্বাভাৱিক৷ হয়তো সেয়েই বহুজনে সামাজিক মাধ্যমত নিজৰ অভিমত তুলি ধৰিছে৷ কিন্তু, এই কথাটোতে অগ্নিশৰ্মা হৈ দুগৰাকীকৈ চিত্ৰশিল্পীক চেনেলৰ মজিয়ালৈ মাতি শিল্পী দুগৰাকীৰ সৰলতাৰ সুযোগ লৈ মুখ্য সম্পাদক গৰাকীয়ে ৰাজহুৱাভাৱে তাচ্ছিল্য কৰাটো প্ৰকৃতাৰ্থত সাংবাদিকতাৰ নহয়, বৰং দাম্ভিকতাৰহে পৰিচয়৷


আমি আশা কৰিম, শাসক পক্ষৰ নৈৰাজ্যবাদৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি অহা উক্ত ব্যক্তিগত নিউজ চেনেলটোৰ মুখ্য সম্পাদকগৰাকীয়ে শিল্পী সমাজৰ সন্মুখত নিজৰ বক্তব্যৰ বাবে অন্ততঃ দুখ প্ৰকাশ কৰক৷ তদুপৰি, আন বিষয়ৰ লোকসকলৰ সমান্তৰালভাৱে চিত্ৰশিল্পীসকলৰ অভাৱ-অভিযোগখিনি চৰকাৰৰ সন্মুখত সুস্থভাৱে তুলি ধৰাৰ লগতে কঠোৰ সমালোচনাৰ জৰিয়তে ভাল সৃষ্টিকৰ্ম জনগণক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ ইয়াৰ উপৰিও গৱেষণা লব্ধ তথ্য, লেখনি আৰু প্ৰতিবেদন ৰচনাৰ যোগেদি সম্প্ৰতি পণ্যলৈ ৰূপান্তৰিত হোৱা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ নৈতিকতাক সমাজৰ বিকাশত প্ৰভূত অৰিহণা আগবঢ়াবৰ বাবে উক্ত ব্যক্তিগত নিউজ চেনেলটোৰ মুখ্য সম্পাদকগৰাকীয়েও সঠিক ভাৱে পথ প্ৰদৰ্শন কৰক৷


দূৰভাষঃ ৯১০১৩০২৩৩১

131 views0 comments

Comments


bottom of page