top of page

Breaking news বকলীযাঘাটত নৃশংস হত্যা কাণ্ড

Writer: Timeline Asom
Timeline Asom
Jul 24, 2020
1 min read

বকলীযাঘাটত সংঘটিত হ'ল এক নৃশংস হত্যা কাণ্ড ।।

মানৱীয়তাক ভৰিৰে মোহাৰি এইবাৰ বন্ধুয়ে প্ৰাণ ল'লে বন্ধুৰ।

মানৱীয়তাক লজ্জানত কৰি সামান্য এখন প্লাষ্টিকৰ চকীৰ বাবেই বন্ধুয়ে কাঢ়িলে বন্ধুৰ প্ৰাণ।

অন্য এক নৃশংসতাৰ ক'লা পৃষ্ঠা । কাৰ্বিআংলং জিলাৰ বকলীযাঘাটৰ ২ নং উদালী গাঁৱত সংঘটিত হ'ল এই অপ্ৰত্যাশিত ঘটনাটো। বুধবাৰে নিশা ২নং উদালী গাঁৱৰ ৰঞ্জিত বৰা নামৰ ২৪ বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱকজনক একে চুবুৰীৰে বন্ধু পুহেশ্বৰ শইকীয়া নামৰ যুৱকজনে দাৰে ঘপিয়াই হত্যা কৰে । মৃত ৰঞ্জিতৰ পৰিয়ালৰ ভাষ্য অনুসৰি বুধবাৰে বিয়লি পুহেশ্বৰ আৰু আন এজন বন্ধুযৱে ৰঞ্জিত বৰাৰ ঘৰত এখন প্লাষ্টিকৰ চকী ভাঙিছিল । তাকে সকিয়াবলৈ যোৱাৰ ফলত পুহেশ্বৰে সপৰিয়ালে ৰঞ্জিত বৰাৰ ওপৰত উপৰ্যুপৰি দাৰে ঘপিয়াই হত্যা কৰে।

আনহাতে পুহেশ্বৰে ৰঞ্জিতৰ মৃতদেহটো লুকুৱাবৰ উদ্দেশ্যে প্ৰায় আধা কিলোমিটাৰ চোঁচৰাই নি থকাৰ সময়তে স্থানীয়লোকে প্ৰতক্ষ্য কৰাত আৰু হুলস্থুল লগোৱাত ঘাটক পুহেশ্বৰে পলায়ন কৰে । ইতিমধ্যে বকলীয়াঘাট আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। হত্যাকাৰী পুহেশ্বৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে পুহেশ্বৰৰ ভাতৃ বগাই শইকীয়াক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে মৃত ৰঞ্জিত বৰাই পত্নীসহ এটি সাতমহীয়া পুত্ৰসন্তান ইহসংসাৰত থাকি যায়। অঞ্চলটোত অবাঞ্ছিত ঘটনাটোৱে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোকে শোকাভিভূত কৰি তুলিছে । দোষীক অতিশীঘ্ৰেই আতক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী তুলিছে অঞ্চলবাসীয়ে ।


কাৰ্বিআংলঙৰ পৰা প্ৰজ্ঞাপাৰমিতা বৰুৱাৰ প্ৰতিবেদন

Timeline অসম ।।

Comments


OUR PROGRAM
bottom of page