top of page
  • Writer's pictureTimeline Asom

ৰহা সমষ্টিৰ জাগীয়াল সমবায় সমিতি লিমিটেডৰ সভাপতিৰ বিৰূদ্ধে অনাস্থা

নগাঁও জিলাৰ ৰহা সমষ্টিৰ জাগীয়াল সমবায় সমিতি লিমিটেডৰ সভাপতিৰ বিৰূদ্ধে অনাস্থা ।

লক্ষাধিক টকাৰ বিত্তীয় কেলেংকাৰী ।



নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত জাগীয়াল সমবায় সমিতি লিমিটেডৰ তদানীন্তন আঢ়ৈ-বছৰীয়া সমিতিখনে সমবায়খনত শেহতীয়াকৈ সংঘটিত লক্ষাধিক টকাৰ বিত্তীয় কেলেংকাৰীৰ বাবে সভাপতি দেৱেন শৰ্মাৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে । উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত ১৫ জনীয়া সমিতিখনৰ ১৪ জন সদস্যই সভাপতিৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰে ।

টাইমলাইন অসমৰ হাতত পৰা তথ্য অনুসৰি সভাপতি দেৱেন শৰ্মাই নিজৰ গাডী ৰক্ষাৰ স্বাৰ্থত সদস্যসকলৰ একাংশক প্ৰলোভন দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । অনাস্থা প্ৰস্তাৱৰ গ্ৰহণ যোগ্যতাৰ পাছত জাগীয়াল সমবায় সমিতি লিমিটেডৰ সভাপতি কোন হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।


ভাস্কৰ জ্যোতি শইকীয়াৰ সহযোগত

ব্যুৰ' ৰিপ'ৰ্ট

টাইমলাইন অসম

12 views0 comments

Comments


bottom of page