top of page

ৰামধেনু ক্লাৱৰ উদ্যোগত কৃতী ছাত্ৰক সম্বৰ্ধনা

Writer: Timeline Asom
Timeline Asom
Jul 7, 2020
1 min read


বগীনদীৰ অগ্ৰণী সামাজিক অনুষ্ঠান বগীনদী ৰামধেনু ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ক্লাৱৰ সদস্যসকলৰ কৃতিমান সন্তানসকলক সম্বৰ্ধনা জনায়।

ক্লাৱৰ স্থায়ী কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে ক্লাৱৰ সভাপতি দিলীপ চৌধুৰীয়ে । অনুষ্ঠানৰ আঁত ধৰে সম্পাদক দিগন্ত সোনোৱালে।

সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ক্লাৱৰ সদস্য জয়ন্ত সোনোৱালৰ পুত্ৰ লিমৰাজ সোনোৱাল, বিপুল শইকীয়াৰ পুত্ৰ জ্যোতিৰ্ময় শইকীয়া, দীপক গগৈৰ পুত্ৰ নৱৰাজ গগৈ আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা যুগল হাজৰিকাৰ পুত্ৰ ৰিচাৰ্ড হাজৰিকা সোনোৱালক সম্বৰ্ধনা জনোৱা হয়।

কৃতি ছাত্ৰসকলক ক্লাৱৰ জৰিয়তে একোখনকৈ গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও একোখনকৈ কিতাপ উপহাৰ হিচাপে প্ৰদান কৰা হয়।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন

টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page