top of page
  • Writer's pictureTimeline Asom

ৰাজ্যৰ স্বাস্থ্যবিভাগৰ টোঘলকী কাণ্ড

।। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ-নাৰ্ছৰ সাক্ষাৎকাৰ গুৱাহাটীত ।। বঞ্চিত হ’ব শতাধিক প্ৰাৰ্থী



ৰাজ্যত কৰ’নাৰ সন্ত্ৰাস আনফালে ৰাজ্য চৰকাৰৰ স্বাস্থ্যবিভাগৰ টোঘলকী কাণ্ড। উল্লেখ্য যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে চলিত বৰ্ষৰ মে’ মাহৰ ৬ তাৰিখে অন্যান্য পদৰ লগতে ২০১টা ষ্টাফ-নাৰ্ছৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ হেজাৰোধিক বি.এছ.চি. নাৰ্ছিং, জি.এন.এম. প্ৰাৰ্থীয়ে অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত যোৱা ৬ জুলাইত সাক্ষাৎকাৰ-প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ পায়। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ বিভিন্ন জিলাৰ হাজাৰোধিক সাক্ষাৎকাৰ-প্ৰাৰ্থীৰ সাক্ষাৎকাৰ অহা ১৪ জুলাইৰপৰা ২১ জুলাইলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। ইফালে সমগ্ৰ গুৱাহাটী মহানগৰীত কৰ’নাৰ বাবে অব্যাহত আছে লকডাউন। এনে পৰিস্থিতিত গুৱাহাটীৰ সাক্ষাৎকাৰ প্ৰাৰ্থীসকলৰ বাদে বাকী জিলাসমূহৰ প্ৰাৰ্থীসকলে গুৱাহাটীত গৈ কিদৰে সাক্ষাৎকাৰ প্ৰদান কৰিব তাক লৈ সৃষ্টি হৈছে ব্যাপক অনিশ্চয়তা। সাক্ষাৎকাৰ-প্ৰাৰ্থীসকলে কিবা উপায়েৰে গুৱাহাটীলৈ গ’লেও উভতি আহি থাকিব লাগিব কোৱাৰেন্টাইনত। ইফালে বিভিন্ন চৰকাৰী চিকিৎসালয়ত অস্থায়ী ৰূপত কৰ্মৰত জি.এন.এম., বি.এছ.চি. ষ্টাফ-নাৰ্ছসকলৰ কভিড-১৯ৰ কৰ্তব্যৰ সূচী তৈয়াৰ হৈছে। এনে পৰিস্থিতিত সৃষ্টি হৈছে তীব্ৰ কাৰিকৰী বিসংগতিৰ। গুৱাহাটীত বলৱৎ হৈ থকা লকডাউনৰ পিছতো চৰকাৰে গুৱাহাটীত কি কাৰণত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে সেয়া অবুজ সাঁথৰ হৈ পৰিছে । ইফালে গুৱাহাটীত অনুষ্ঠিত কৰিবলগীয়া ষ্টাফ-নাৰ্ছৰ সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাক্ষাৎকাৰ স্থগিত ৰখা নতুবা লকডাউন নথকা মধ্যৱৰ্তী স্থানত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে সদৌ অসম নাৰ্ছ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা বন্দিতা নেওগ, সদৌ মৰাণ ছাত্ৰসন্থাৰ সভাপতি অৰুণজ্যোতি নেওগ, সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক ৰহিম শইকীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগকে ধৰি বিভিন্ন দল-সংগঠনে। প্ৰাৰ্থী, দল-সংগঠনৰ প্ৰতিবাদ সত্বেও যদি উল্লিখিত পদৰ বাবে গুৱাহাটীত সাক্ষাৎকাৰ অনুষ্ঠিত হয় তেন্তে উজনি অসমৰ হেজাৰোধিক প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত হ’ব সেয়া নিশ্চিত।

- তিনিচুকীয়াৰ পৰা বিকাশজ্যোতি শইকীয়াৰ প্ৰতিবেদন টাইমলাইন অসম ।। #timeline_Assam

9 views0 comments

Comments


bottom of page