top of page

ৰাজ্যৰ বিভিন্ন স্থানত সদৌ অসম ছাত্ৰসন্থাই কৰিলে প্ৰতিবাদ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 2, 2020
  • 1 min read

অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰক লৈ হেতালি খেলাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত সদৌ অসম ছাত্ৰসন্থাই কৰিলে প্ৰতিবাদ


ree

ree

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগ স্থাপনৰ অজুহাতত কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে ।

শিৱসাগৰ সাপেখাটীৰ পৰা উজ্জ্বল স্মৰণ দত্তৰ প্ৰতিবেদন

টাইমলাইন অসম ।।


ইফালে বগীনদীৰ পৰা ভুবন গৌতমৰ প্ৰতিবেদন অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বগীনদীতো চাউলধোৱা বগীনদী আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰে উদ্যোগ স্থাপনৰ নামত ষড়যন্ত্ৰৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

বিয়লি ৩ বজাত চাউলধোৱা বগীনদী আছুৰ এটা দলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিলিপি দাহ কৰে।

এই সময়ছোৱাত আছুৰ কৰ্মী সকলে অসম চৰকাৰ হায় হায়, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ আদি শ্লোগানেৰে বগীনদীৰ আকাশ-বতাহ উত্তপ্ত কৰি তোলে ।

 
 
 

Comentarios


OUR PROGRAM
bottom of page