৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শালিধানৰ কঠিয়াৰ লগতে শাক-পাচলিৰ খেতি
- Timeline Asom
- Jul 13, 2020
- 1 min read
"মন কৰিলে চন, বাকৰি মাটিতেই ধন ।" পিছে এইবাৰ বাকৰি মাটিত নহয়, ৰাজপথত শালিধানৰ কঠিয়া তোলাত ব্যস্ত ৰোৱনী । যদি আপুনি গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহে বা নগাঁৱৰ পৰা গুৱাহাটীলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যায় তেতিয়াই দেখা পাব এই মনোমোহা দৃশ্য । ঐতিহাসিক আঁহতগুৰিৰ মৰাকলং আৰু বগৰিগুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত খালী হৈ থকা ডিভাইদাৰৰ মাটিখিনি সদব্যৱহাৰ কৰিছে কৃষিজীৱি ৰাইজে। ডিভাইদাৰৰ মাটিত কৃষকসকলে শালি ধানৰ কঠিয়া ৰোৱাৰ লগতে হালধি, ভেন্দি, কচু, জলকীয়া, বেঙেনা, মাকৈ, তিলৰ খেতিও কৰিছে । কৃষিজীৱী লোকসকলৰ এনে পদক্ষেপক সকলোৱে একেমুখে শলাগ লৈছে।
কুকিল বৰাৰ বিশেষ প্ৰতিবেদন টাইমলাইন অসম। Timeline assam News
Comments