top of page

১১ বছৰে বিদ্যুৎ বিভাগে জ্বলা-কলা খুৱাইছে পাৰঘাটবাসীক।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

সঘনাই বিদ্যুৎ কৰ্তনক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ।এইবাৰ ঘিলামৰাত সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। দৃশ্যটো মন কৰক-- এডাল বিদ্যুৎ সংযোগী তাঁৰ দুটা দিন ধৰি মাটিত পৰি আছে। এই ঘটনা সংঘটিত হৈছে ঘিলামৰা বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ ঘিলামৰা পঞ্চায়তৰ অন্তৰ্ভূক্ত পাৰঘাটত।

এই তাঁৰডালৰ জৰিয়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। বিদ্যুৎ কৰ্মচাৰীক এই বিষয়ে অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব আৰোপ কৰা নাই। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এজাক বতাহ আৰু বৰষুণ দিলে আৰু বিদ্যুৎ ব্যাহত হ'লে দুটা দিনৰ পৰা এসপ্তাহ দিন ধৰি গাঁওবাসীয়ে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হয়।

ফলত গাঁওখনত মাহটোৰ সৰহসংখ্যক দিনেই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈছে।দৈনন্দিন জীৱনত খোৱা, শুৱা, প্ৰখৰ গৰমত চটফটাই থকাৰ লগতে শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বহু সমস্যাৰে জৰ্জৰিত হয়‌।

বাঁহত বিদ্যুৎ সংযোগী তাঁৰ লাগি থাকিলে কাটিবলৈও নাহে বিদ্যুতৰ কৰ্মচাৰী।

শেষত বিপদজনক ভাবে গাঁৱৰ মানুহে সুচল কৰিব লগীয়া হয়। ৰাইজে আবেদন-নিবেদন কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰে। এনেদৰে গাঁওখনক এটা দুটা বছৰে নহয় ১১ টা বছৰে বিদ্যুত বিভাগে জ্বলা-কলা খোৱাইছে। এনেধৰণে জ্বলা-কলা খোওৱা বিদ্যুতৰ অত্যাচাৰত অতিষ্ঠ হৈ গাঁৱৰ ৰাইজে আজি ক্ষোভ উজাৰিছে ঘিলামৰা বিদ্যুৎ সংমণ্ডলক।

অন্যহাতে এটা দুটা বাল্বত ৪০০-৫০০ টকাকৈ বিল আহি মাধমাৰ সোধাইছে দৰিদ্ৰ পৰিয়ালসমূহক। অতি সোনকালে বিদ্যুৎ নিয়মীয়া কৰি গাঁওবাসীক সুবিধা প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে।

ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page