top of page

১০০ নিৱনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ লক্ষ্য

Writer's picture: Timeline AsomTimeline Asom

অৱনৰি মীনপালন সমবায়ে ৩ কুইন্টল মাছৰ পোনা মেলিলে পুখুৰীত



সমগ্ৰ দেশৰ লগতে অসমতো নিৱনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাইছে। বিশেষকৈ কৰ'না ভাইৰাছৰ ফলত সৃষ্টি হোৱা দেশৰ অৰ্থনৈতিক সংকট আৰু সংস্থাপনহীনতাৰ বাবে বহিঃৰাজ্যত কাম কৰি থকা হাজাৰ হাজাৰ যুৱক-যুৱতী ৰাজ্যলৈ ঘুৰি অহাত এতিয়া নিৱনুৱা সমস্যাই আৰু ভয়াবহ ৰূপ ধাৰণ কৰিছে।

এনে জটিল সময়ত ঢকুৱাখনাৰ সোৱণশিৰি অঞ্চলৰ অৱনৰি মীনপালন সমবায় সমিতিয়ে ১০০জন নিৱনুৱা যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্যৰে আৰম্ভ কৰিছে সমন্বিত মীনপাম।

এই মীনপামত মাছৰ পোনা উৎপাদন, হাঁহ-কুকুৰা,ছাগলী, গাহৰিকে আদি কৰি পশুপালনৰো আঁচনি গ্ৰহণ কৰিছে। মীন পামখনৰ উপদেষ্টা পদ্মোলোচন দলেই জনোৱামতে-"এই মীন পামৰ জড়িয়তে-৩ হেজাৰ পৰিয়াল প্ৰত্যক্ষভাৱে আৰু ১০ হেজাৰ পৰিয়াল পৰোক্ষভাৱে উপকৃত হ'ব"

অৱনৰি মীন পালন সমবায় সমিতিয়ে এই বৰ্ষত-৩ কুইন্টল মাছৰ পোনা মেলিছে ২০ বিঘা মাটিৰ পুখুৰীত। পোনা মেলা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ- সুনীল কুমাৰ পেগুৱে।

ইফালে আজিৰ এই কাৰ্যসুচীত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত অৱনৰি সমষ্টিৰ কাৰ্যবাহী সদস্যা-ইন্দিৰা চিন্তে কুম্বাং, ঘিলামৰা ব্লক গণশক্তিৰ তুলাৰাম কুম্বাং, সোণশিৰি পঞ্চায়তৰ সভাপতি খনিন্দ্ৰ মেদক, বিল-মুখ পঞ্চায়তৰ সভাপতি-গণেশ দলেকে

আদি কৰি বহু সংখ্যক লোক।


ঢকুৱাখনাৰ পৰা

জ্ঞানশ্ৰী গগৈ প্ৰতিবেদন

টাইম লাইন,অসম

Comments


OUR PROGRAM
bottom of page