top of page

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলিব - ড৹ হিমন্ত বিশ্ব শৰ্মা

Writer: Timeline Asom
Timeline Asom
Aug 2, 2020
1 min read

আগন্তুক ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলিবলৈ আমাৰ শিক্ষা বিভাগে চিন্তা-চৰ্চা আৰম্ভ কৰিছে এই মন্তব্য শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।


কৰ'ণাৰ সংক্ৰমণ চলি থকাৰ সময়তে শিক্ষানুষ্ঠানসমূহ খুলিবলৈ চিন্তা-চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি চতুৰ্থ শ্ৰেণীলৈকে পাঠদান ছেপ্টেম্বৰ মাহতো বন্ধ থাকিব। সামাজিক দূৰত্ব বৰ্তাই ৰাখি পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান শ্ৰেণীকোঠাৰ বিপৰীতে খেলপথাৰ অথবা যিকোনো ৰাজহুৱা স্থানত হ'ব লাগিব । ইফালে,নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত দুদিন, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত চাৰিদিন হ'ব। সামাজিক দূৰত্ব বৰ্তাই ৰাখি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান বিদ্যালয়তে হ'ব। প্ৰতিটো শ্ৰেণীত ১৫ জনকৈ ছাত্ৰ- ছাত্ৰী উপস্থিত থাকিব পাৰিব । প্ৰয়োজন সাপেক্ষে আগবেলা আৰু ভাটিবেলা দুটা ভাগত শ্ৰেণীসমূহৰ পাঠদান কৰিব লাগিব । মহাবিদ্যালয় পৰ্য্যায়ৰ যিসকল দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰীয়ে ঘৰলৈ গৈছে তেওঁলোকে সমীপৰ শিক্ষানুষ্ঠানত পাঠ গ্ৰহণ কৰিব পাৰিব । অৱশ্যে, ছাত্ৰ- ছাত্ৰী সকলে শ্ৰেণীত উপস্থিত থকাটো বাধ্যতামূলক নহয় কিন্তু শিক্ষক- শিক্ষয়িত্ৰী সকলৰ উপস্থিতি বাধ্যতামূলক । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে- শিক্ষানুষ্ঠানসমূহ খোলাৰ পূৰ্বেই অহা ২০ পৰা ৩০ আগষ্টৰ ভিতৰত শিক্ষক- শিক্ষয়িত্ৰী সকলে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক । এই নিৰ্দেশনা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবেও প্ৰযোজ্য হ'ব।

ব্যুৰ' ৰিপ'ৰ্ট টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page