হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ পদত্যাগ!
- Timeline Asom
- Jul 12, 2020
- 1 min read
Updated: Jul 13, 2020

কিছু সময়ৰ পূৰ্বে বিজেপি বিধায়ক শিলাদিত্য দেৱে বিজেপি দলৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সবাৰ্নন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
আনহাতে,
হোজাই জিলা পৰিষদৰ সভাপতি ৰমাৱালা দেৱীয়ে এক বিস্ফোৰক মন্তব্য আগবঢ়াই এইদৰে-"শিলাদিত্য দেৱে মুখত এটা কয় ,পেটত এটা ৰাখে আৰু বিধায়ক গৰাকীয়ে 'কংগ্ৰেছ- এ আই ইউ ডি এফ ৰ লগত সম্পৰ্ক বজাই ৰাখে ।"
গুৰুত্বপূৰ্ণ কথাটো হ'ল-
বতৰ্মানৰ জিলা পৰিষদৰ সভানেত্ৰীগৰাকীক আঁতৰাই জেড পি চি ৰ সদস্যা ৰেজিয়া চুলতানক জিলা পৰিষদৰ সভাপতি আসনত বহাব বিচাৰিছিল বিধায়ক গৰাকীয়ে।
বিভিন্ন সময়ত সংবাদ মেল পাতি নিজ দলৰ নেতাৰ ওপৰত বিভিন্ন অভিযোগ অনা প্ৰায়ে সংবাদ মাধ্যমত পৰিলক্ষিত হয়।
গুৱাহাটীৰ পৰা ৰাজ দাসৰ প্ৰতিবেদন, টাইমলাইন অসম।
Comments