হোজাইৰ ডবকা-ডিফু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বুঢ়ীগংগা পিকনিক স্থললৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী।
ডবকা-ডিফু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বুঢ়ীগংগা পিকনিক স্থললৈ যোৱা পথ নিৰ্মাণৰ কাৰ্য আৰু, নদীৰ ভেটা দিয়াৰ নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি । ভৰ বাৰিষাৰ মাজত বিগত সপ্তাহৰ পৰাই দিনে নিশাই চলিছে নিৰ্মাণ কাৰ্য । অভিলাষী আচঁনিৰ অধীনত পথ নিৰ্মাণৰ কাম নিশাৰ এন্ধাৰৰ সুজোগ লৈ চলাই গৈছে দুৰ্নীতিৰ সাম্ৰাজ্য । ডবকা-ডিফু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বুঢ়ী-গংগা পিকনিক স্থললৈ যোৱা পথটোৰ অধিকাংশ পাহাৰৰ কোমলীয়া মাটিৰ ওপৰেদি নিৰ্মাণ চলোৱা হৈছে । পাহাৰৰ গছ গছনি কাটি কোমলীয়া মাটি ভেদ কৰি ইতিমধ্যে ছেন্ড গ্ৰেভেল দি পথ নিৰ্মাণ কাম অব্যাহত ৰাখিছে । কিন্তু তাৰ মাজতে হোৱা নেৰা-নেপেৰা ধাৰাষাৰ বৰষুণৰ পানীত কোমলীয়া মাটিৰ বেছিভাগ উটি গৈছে । কোমলীয়া মাটিৰ লগতে ছেন্ড গ্ৰেভেলৰ বৃহৎ অংশ বৰষুণৰ পানীয়ে খহাই নিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তদুপৰি বুঢ়ীগংগা নদীৰ পাৰত খহনীয়া ৰোধ কৰিবলৈ নেট ব্যৱহাৰ কৰি শিল বহুৱাৰ কাম চলাই নিয়াত সৃষ্টি হৈছে আন এক চাঞ্চল্যৰ । ভৰ বাৰিষাত বুঢ়ী গংগা নদীৰ বাঢ়নি পানীয়ে খহনীয়া ৰোধ কৰিবলৈ বহুওৱা শিল উটুৱাই নিয়াৰ আশংকা স্থানীয় ৰাইজৰ । সাধাৰণতে ভৰ বাৰিষাত কোনো ধৰণৰ অভিলাষী আচঁনিৰ কাম নহয় । কাৰ স্বাৰ্থত কিয় চলিছে এই নিৰ্মাণকাৰ্য । স্থানীয় ৰাইজৰ বোধগম্য নোহোৱাকৈ কোন বিভাগে কৰিছে কাম তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন জনতাই।
ডবকাৰ পৰা হাচনুল ইছলাম
টাইমলাইন অসম
コメント