top of page

হোজাইৰ আনফৰ ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

ree

মহামাৰী কৰ'না প্ৰতিৰোধৰ বাবে সেচ্ছাসেৱী সংস্থাটোৱে মোৰাঝাৰৰ বিভিন্ন ধৰ্মীয় উপাসনাস্থলীৰ সমানে আৰক্ষীথানা আৰু বজাৰতো চলাই গৈছে চেনিটাইজেচন পক্ৰিয়া ।

হোজাই জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'না আক্ৰান্তৰ সংখ্যা। ৰাজহুৱা সমাগম থকা স্থানবোৰ এক বিপদজনক হৈ পৰিছে। তেনে সময়ত ৰাজহুৱা স্বাৰ্থত চৰকাৰৰ লগতে ওলাই আহিছে মুস্তাক আনফৰৰ নেতৃত্বাধীন স্বেচ্ছাসেৱী সংগঠনটো । আজি দুপৰীয়া হোজাইৰ আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰ আৰক্ষী থানা চৌহদ আৰু মন্দিৰৰ সমানে মোৰাঝাৰ আঞ্চলিক জামে মছজিদৰ উপৰিও অতি ব্যস্ততাপূৰ্ণ মোৰাঝাৰ বজাৰত অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত চেনিটাইজেচন প্ৰক্ৰিয়া সম্পন্ন কৰে । মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন স্বেচ্ছাসেৱী সংগঠনটোৱে দেশৰ এই দুৰ্যোগৰ সময়তে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে অনাগত দিনতো ফাউণ্ডেশ্যনটোৰ সহায় সহযোগিতা কামনা কৰিছে ৰাইজে।


ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন

টাইম লাইন অসম।

Comentários


OUR PROGRAM
bottom of page