top of page

সলিল সমাধি ঘটা শিশু উদ্ধাৰ ।

Writer's picture: Timeline AsomTimeline Asom

কুৰুৱাবাহী ২য় পৰঙনীয়াত বানপানীত সংঘটিত হৈছিল ঘটনাটো।


◾ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ পুনৰাই বৃদ্ধি পোৱাৰ সময়তে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ২য় পৰঙনীয়াৰ গাঁৱৰ চনমান চুব্বাৰ কণ্যা প্ৰথম শ্ৰেণীৰ ছাত্ৰী সঞ্জিতা চুব্বা (বয়স-৭বছৰ) নামৰ এটি কণ্যাশিশুৰ শোকাবহভাৱে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত মঙলবাৰে বিয়লি সলিল সমাধি ঘটাৰ পাছত বৃহস্পতিবাৰে দিনৰ ১২.৪৫ বজাত দুৰ্যোগ প্ৰশমন বাহিনী(SDRF) আৰু গাঁওবাসীয়ে চলোৱা তিনিদিনীয়া অভিযানৰ অন্তত মৃতদেহ উদ্ধাৰ কৰা হয়।


স্থানীয় লোকে জানিবলৈ দিয়া মতে ২য় পৰঙনীয়াৰ যোগনীয়াকে ধৰি বহুকেইখন গাঁও পুনৰাই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰাৰ সময়তে ঘটনাটি সংঘটিত হৈছিল।


উল্লেখযোগ্য যে ২য় পৰঙনীয়াৰ বাসগৃহসমুহ ইতিমধ্যেই প্লাৱিত হৈ পৰাত পৰিয়ালৰ লোকসকলে নিজৰ যাৱতীয় বয়-বস্তুসমুহ নিৰাপদ স্থানলৈ কঢ়িয়াই কৰি থকাৰ সময়তে সলিল সমাধি ঘটা কণ্যাশিশু সঞ্জিতা চুব্বাৰ পিতৃ চনমান চুব্বা তথা পৰিয়ালৰ আন লোকসকলো ব্যস্ত আছিল বানপানীৰ পৰা নিৰাপদ স্থানলৈ বয়-বস্তু কঢ়িয়াই থকা কামত। তেনে সময়তে ঘটনাটো সংঘটিত হৈছিল।


- বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন টাইমলাইন অসম ।

15 views0 comments

Recent Posts

See All

留言


bottom of page