top of page
  • Writer's pictureTimeline Asom

সাহায্য বিতৰণ সদৌ অসম কবি সন্মিলনৰ

ডিমৌত বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ সদৌ অসম কবি সন্মিলনৰ

বৰ্তমান ৰাজ্যৰ চৌদিশে মহামাৰী কৰ'ণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে বানৰ সংহাৰী ৰূপেও জনসাধাৰণক জুৰুলা কৰিছে । শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহচক্ৰৰ অন্তৰ্গত নিতাইপুখুৰী আৰু পানীদিহিং মৌজাৰ বিভিন্ন প্ৰান্তত দিহিং আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বানাক্ৰান্ত ৰাইজক প্ৰতি মুহূৰ্ততে আতংকিত কৰি আহিছে । দিহিং কলঘৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ যোৱা শুক্ৰবাৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত ডিমৌ কবি সন্মিলনে এসাঁজ খাব পৰাকৈ বিভিন্ন খাদ্য-সামগ্ৰী বিতৰণ কৰে । শিৱসাগৰ জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক তথা ডিমৌ শাখা কবি সন্মিলনৰ সম্পাদক অভিজিত গগৈৰ নেতৃত্বত যোৱা দলটোৱে ডিমৌ কবি সন্মিলনৰ সভাপতি জিতেন নাথ, উপ-সভাপতি মৃণাল ৰঞ্জন গগৈ, সাংবাদিক ইফতিকাৰ ৰহমান, স্থানীয় গাঁওবুঢ়া তীখেশ্বৰ টাৱ, আশাকৰ্মী ৰীণা দাস আৰু স্থানীয় ৰাইজৰ উপস্থিতিত খাদ্য-সামগ্ৰী বিতৰণ কৰে।


ডিমৌৰ পৰা অভিজিত গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

5 views0 comments

Comments


bottom of page