top of page

স্বাৱলম্বীতাৰ এক সু-নিদৰ্শন

Writer: Timeline Asom
Timeline Asom
Aug 9, 2020
1 min read

মৎস্য উৎপাদন কেন্দ্ৰ স্থাপনেৰে স্বাৱলম্বীতাৰ এক সু-নিদৰ্শন দাঙি ধৰিছে দেৰগাঁৱৰ এগৰাকী শিক্ষিত যুৱকে।



যিসময়ত নিবনুৱা সমস্যাই সমাজখন কোঙা কৰি পেলাইছে, ঠিক সেইসময়তে দেৰগাঁৱৰ এজন যুৱকে দাঙি ধৰিছে আত্ম-নিৰ্ভৰশীলতাৰ এক সু-নিদৰ্শন । দেৰগাঁও সমষ্টিৰ অন্তৰ্গত আজান গাঁৱৰ উদ্যোগী তথা শিক্ষিত যুৱক সমৰ বৰুৱাই আজি নিজ ঘৰতে এটা মৎস্য পোনা উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ কৰে। আধাৰশিলা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। উক্ত অনুষ্ঠানটিত বিশিষ্ট কবি তথা সাংবাদিক অজন্ত কুমাৰ বৰা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সম্পাদক ইন্দ্ৰজিৎ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক উপদেষ্টা আনন্দ দাস, সমাজকৰ্মী অৰূপ দত্তকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে । সমৰ বৰুৱাৰ আত্ম-নিৰ্ভৰশীলতাৰ এনে কাৰ্যক সকলোৱে একেমুখে শলাগ লোৱাৰ লগতে সংশ্লিষ্ট পক্ষই এইক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page