top of page
  • Writer's pictureTimeline Asom

সাংবাদিকৰ কাষত এগৰাকী সংস্কৃতিৱান যুৱক


কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতো অগ্ৰণী যুঁজাৰুৰূপে সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্ছ ভাৱি অহৰ্নিশে সংগ্ৰহ কৰি আহিছে বাতৰি । তেনে অক্লান্ত কৰ্মীসকলৰ মাজত তেওঁলোকৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল এগৰাকী যুৱ সাহিত্যিক তথা সমাজকৰ্মী । নগাঁও জিলাৰ উত্তৰ পেটবঢ়াৰ যুৱক লক্ষ্যজ্যোতি বৰাই নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক একোখনকৈ ফুলাম গামোচা, দুখনকৈ N-95 মাস্ক আৰু একোটাকৈ ছেনিটাইজাৰ বটল বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে । News 18ৰ সাংবাদিক নিলোৎপল বৰা,ভাস্কৰ শইকীয়া আৰু কেমেৰা পাৰ্ছন হেমন্ত দাস, Time 8ৰ বিজু গোহাঁই, ND 24ৰ কৃষ্ণ শইকীয়া আৰু চিংকু শইকীয়া, Assam Firstৰ ৰাজ দাস, Ishan Newsৰ টমাছ ভূঞা, D Newsৰ ৱাহিদুৰ জামান, অসমীয়া প্ৰতিদিন কাকতৰ পলাশ প্ৰতীম হাজৰিকা আৰু Sentinal কাকতৰ হৰেশ্বৰ বৰাকে মুখ্য কৰি প্ৰেছ ক্লাৱৰ ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মিডিয়াৰ সদস্যসকলৰ মাজত উক্ত প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰা কাৰ্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।


ব্যুৰ' ৰিপ'ৰ্ট

টাইমলাইন অসম ।।

4 views0 comments

Comments


OUR PROGRAM
bottom of page