top of page

সোণাপুৰৰ টেপেচিয়াস্থিত এল.এন.আই.পি চেন্টাৰত অঘটন।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 18, 2020
  • 1 min read

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ১৭০ জন কয়দীৰ দেহত কৰ'ণা ধৰা পৰাৰ পিছত চিকিৎসাৰ বাবে সোণাপুৰৰ টেপেচিয়াস্থিত এল.এন.আই.পি চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল । শুকুৰবাৰে নিশা কয়দীসকলে চেন্টাৰত উপদ্ৰৱ চলোৱাৰ বাবে আৰক্ষীয়ে ৰাউণ্ড-ফায়াৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।ঘটনাস্থলীত গুৱাহাটীৰ আৰক্ষী অধীক্ষক মুন্না প্ৰসাদ গুপ্তা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষী অধীক্ষক গৰাকীয়ে জনাই যে- চিকিৎসাধীন হৈ থকা কয়দীসকলৰ মাজৰ পৰা দুজন কয়দী বৃহস্পতিবাৰে পলাই গৈছিল । পুনৰ শুকুৰবাৰে কয়দীয়ে পলাই যোৱাৰ উদ্দেশ্যে বিল্ডিঙৰ পৰা নামি আহিছিল । উক্ত চেন্টাৰত উপস্থিত থকা চিকিৎসা-কৰ্মী আৰু আৰক্ষীয়ে তেওঁলোকক নিজ নিজ কোঠালৈ যাবলৈ কৈছিল যদিও তেওঁলোকে কোনো কথা শুনা নাছিল । পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খোৱা দেখি আৰক্ষীয়ে নিয়ন্ত্ৰণৰ বাবে ৰাউণ্ড-ফায়াৰ কৰিবলগীয়া হয় । বৰ্তমান পৰিস্থিতি সুস্থিৰ অৱস্থালৈ ঘূৰি অহাৰ লগতে সুৰক্ষা ব্যৱস্থা আগতকৈ আৰু অধিক কটকটীয়া কৰা হৈছে।


সোণাপুৰৰ পৰা চন্দন মালাকৰৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
OUR PROGRAM
bottom of page