top of page
  • Writer's pictureTimeline Asom

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা

আলিটাঙনী-জামুগুৰিত ঘৰে ঘৰে গৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা জনালে সচেতন মঞ্চই ।



সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ আলিটাঙনী আৰু জামুগুৰি গাঁৱৰ কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলবাসীক উৎফুল্লিত আৰু গৌৰৱান্বিত কৰি তুলিছে । স্বেচ্ছাসেৱী সংগঠন আলিটাঙনী-জামুগুৰি সচেতন মঞ্চৰ উদ্যোগত শুক্ৰবাৰে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰি শুভাশিষ জনায় । ক'ৰণাৰ বিৰুদ্ধে যুঁজ দিয়া চৰকাৰ-প্ৰশাসনৰ নিদেৰ্শনা আখৰে আখৰে পালন কৰি সামাজিক দূৰত্ব বজাই ৰাখি কৃতিমানক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা কাৰ্যসূচীত সচেতন মঞ্চৰ হৈ আনাৰুল ইছলাম , আবু বক্কৰ ছিদ্দিক, মাজিদুল ইছলাম, আবু ছাদিক কবিৰ, আমিনুল ফৰাজী, আদিল খান, আব্দুল হান্নান আৰু ৰফিকুল ইছলাম উপস্থিত থাকে। সচেতন মঞ্চৰ এনে ইতিবাচক পদক্ষেপক কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে শলাগ লোৱাৰ লগতে শিক্ষামূলক কাৰ্যসূচীয়ে সচেতন মহলৰো দৃষ্টি আকৰ্ষণ কৰে ।


বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন

Time line অসম

8 views0 comments

留言


bottom of page