top of page

শিৱসাগৰৰ দুটা অঞ্চল নতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read


শিৱসাগৰৰ হস্পিতেল ৰ'ড আৰু দ'লমুখ চাৰিআলিৰ দুটা অঞ্চল আজি কন্টেইনমেন্ট জ'ন ঘোষণা কৰে। চাৰিজন ব্যক্তিৰ দেহত কৰ'না পজিটিভ পোৱাৰ বাবে এই ঘোষণা কৰে শিৱসাগৰ জিলা প্ৰশাসনে। ২৮ জুনত গুৱাহাটীৰ পৰা অহা ব্যক্তিকেইজনৰ স্বাব টেষ্ট কৰা হৈছিল আৰু হোম কোৱাৰেন্টাইনত থাকিবলৈ দিয়া হৈছিল। আজি তেওঁলোকৰ দেহত কৰ'না পজিটিভ পোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হস্পিতেল ৰ'ডৰ অৰুন'চ নামৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ৩ জন ব্যক্তিৰ লগতে দ'লমুখ চাৰিআলিৰ এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক'ৰণা পজিটিভ। কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চল দুটাৰ ওচৰৰ ব্যক্তিৰ চোৱাব টেষ্ট পৰ্যায়ক্ৰমে কৰা হ’ব বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে।


শিৱসাগৰৰ পৰা

মাধৱ গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম

Commentaires


OUR PROGRAM
bottom of page