top of page

শিৱসাগৰ জিলাৰ বৃহত্তৰ ডিমৌ অঞ্চলৰ এক অপূৰণীয় ক্ষতি

Writer: Timeline Asom
Timeline Asom
Jul 27, 2020
1 min read

ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ডিমৌ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী অনিল কুমাৰ দে এ আজি পুৱতি নিশা ১ বাজি ৪০ মিনিটত ডিব্ৰুগড়স্থিত আদিত্য হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । পুৱা ১১ বজাত ডিমৌ প্ৰেছ ক্লাৱৰ বাকৰিত তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই, ডিমৌৰ বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, ডিমৌ আৰক্ষী বিষয়া, ডিমৌ প্ৰেছ ক্লাৱৰ বিষয়ববীয়াৰ লগতে তেখেতৰ গুণমুগ্ধসকল উপস্থিত থাকে। ইয়াৰোপৰি থাওৰা বিধান সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু ডিমৌ শাখা কবি সন্মিলনেও তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

- ব্যুৰ' ৰিপ'ৰ্ট, টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page