top of page
  • Writer's pictureTimeline Asom

শিৱসাগৰ জিলা সাহিত্য সভাৰ সৌজন্যত দুখনকৈ গ্ৰন্থ উন্মোচন

শিৱসাগৰ জিলা সাহিত্য সভাৰ সৌজন্যত নীলমণি মহন্তৰ দুখনকৈ গ্ৰন্থ উন্মোচন।।

স্ব-ৰচিত গ্ৰন্থ উপহাৰেৰে পত্নীৰ অৱসৰৰ ক্ষণ স্মৰণীয় কৰিলে স্বামীয়ে।।

শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ডঃ অৰুন্ধতী মহন্তই আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনাই তেওঁৰ স্বামী বিশিষ্ট শিক্ষাবিদ তথা লেখক নীলমণি মহন্তই দুখনকৈ গ্ৰন্থ উন্মোচন কৰোৱাই পত্নীক অৱসৰকালীন উপহাৰ দিয়ে । শিৱসাগৰৰ সেউজপুৰত থকা বিশিষ্ট লেখিকা তথা কৃষ্ণ সংস্কৃতিৰ গৱেষকগৰাকীৰ বাসগৃহতে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত শিৱসাগৰ জিলা সাহিত্য সভাই নীলমণি মহন্তৰ গ্ৰন্থ দুখন উন্মোচন কৰাৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত কৰে।


শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদকে আঁত ধৰা অনুষ্ঠানত “গোকুল বৃন্দাবন কৃষ্ণ” শীৰ্ষক নীলমণি মহন্তই লিখা গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, সত্ৰাধিকাৰ তথা ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্তই । নীলমণি মহন্তই ৰচনা কৰা আন এখন গ্ৰন্থ “সংক্ষিপ্ত ৰামায়ণ” উন্মোচন কৰে ডঃ সব্যসাচী মহন্তই । অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি ডঃ প্ৰশান্ত কুমাৰ চুতীয়া, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ডঃ সৌমাৰজ্যোতি মহন্ত । ডঃ অৰুন্ধতী মহন্তই বক্তব্যত কয় যে লকডাউনৰ মাহকেইটা ছাত্র-ছাত্ৰীক শিক্ষাদান দিয়াৰ পৰা বিৰত থাকিবলগীয়া হোৱা বিষয়টোৱে তেওঁক মৰ্মাহত কৰে আৰু এই দুখ চিৰদিন থাকি যাব বুলি ব্যক্ত কৰে। শেষত জাতীয় সংগীত পৰিবেশনৰে অনুষ্ঠানৰ সামৰণি পৰে ।


- শিৱসাগৰৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন টাইমলাইন অসম।

8 views0 comments

Comments


bottom of page