top of page

শিল্পী পেঞ্চনাৰ গজেন ৰাজখোৱাৰ 'অস্পৃশ্যতা নিবাৰণীৰ এপাত অস্ত্ৰ সতী ৰাধিকা' শীৰ্ষক নাটক উন্মোচন ।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 12, 2020
  • 1 min read

বটদ্ৰৱাৰ সাহিত্যিক, শিল্পী পেঞ্চনাৰ গজেন ৰাজখোৱাৰ 'অস্পৃশ্যতা নিবাৰণীৰ এপাত অস্ত্ৰ সতী ৰাধিকা' শীৰ্ষক নাটক উন্মোচন ।


ree

নগাঁও জিলাৰ বটদ্ৰৱাৰ সাহিত্যিক, শিল্পীপেঞ্চনাৰ গজেন ৰাজখোৱাৰ দ্বাৰা ৰচিত প্ৰথমখন নাটক 'অস্পৃশ্যতা নিবাৰণীৰ এপাত অস্ত্ৰ সতী ৰাধিকা' শীৰ্ষক গ্ৰন্থখনি শনিবাৰে উন্মোচন কৰা হয়। আলিপুখুৰী শাখা সাহিত্যসভাৰ উদ্যোগত বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিত্ব কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই। আলিপুখুৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত সভাপতি ইন্দ্ৰমোহন বৰুৱাই নাটকখন উন্মোচন কৰি সাহিত্যিক গজেন ৰাজখোৱাৰ দ্বাৰা ৰচিত 'বৰদোৱা আলিপুখুৰী সংক্ষিপ্ত পৰিচয়', 'বৰদোৱা চৌতৰা', 'বছৰটো বৰদোৱা আৰু আইসকলৰ দিহানাম,' 'সতী ৰাধিকা আৰু শান্তিজান', 'ভকতৰ সংগ সদা নুগুচক', 'ভকতিৰ ৰস নে গল্প', 'বিষ্ণু ৰাভা', 'বৰদোৱা চিত্ৰ পুথি'কে আদি কৰি ১২খন গ্ৰন্থৰ চমু বিশ্লেষণ আগবঢ়াই। সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি অনুষ্ঠিত সভাখনিৰ শেষত আলিপুখুৰী শাখা সাহিত্য সভাৰ এখন মাহেকীয়া বৈঠক অনুস্থিত হয়। বৈঠকতে সম্পাদক হৰিনাৰায়ণ কোঁৱৰে সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰি জগন্নাথ কলিতাক সাহিত্য সভাৰ আজীৱন সদস্যপদৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটিত লক্ষ্যধৰ তালুুকদাৰ, দিজুমনি বৰুৱা, প্ৰশান্ত ভৰালী, হিমেশ্বৰ দাস, দিব্যজ্যোতি বৰুৱা, বিনোদ ৰাজখোৱা, পূজা শইকীয়া, মনীষা বৰুৱা, বিকাশ কলিতা, বিনোদ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।


বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page