top of page

শাওনৰ বলিয়া বানে তচনচ কৰিলে কৃষকৰ সপোন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 31, 2020
  • 1 min read

। চল্লিশ লক্ষাধিক টকাৰ কৃষি নষ্ট ।



শাওনমহীয়া বলিয়া বানে ৰাজ্যখনৰ প্ৰতিখন জিলাত কম-বেছি পৰিমাণে ক্ষতি সাধন কৰিছে । বিশেষকৈ কৃষিভূমি সমূহত বাঢ়নী পানীয়ে প্লাৱিত কৰাত একাংশ কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছে । এনে পৰিস্থিতিৰ সন্মূখীন হৈয়ো ভাগি নপৰা দুজন কৰ্ম উদ্যমী কৃষকৰ বিষয়ে শুনো আহক । যি দুজন কৃষকে চৰকাৰী সাহায্যৰ বাবে ৰৈ নাথাকি নিজা প্ৰচেষ্টাৰে বিগত ৬ বছৰ ধৰি মালভোগ কলৰ খেতিৰে স্বাৱলম্বী হ'বলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল । তেওঁলোকৰ কৃষিকৰ্ম‌ৰ প্ৰতি আকৃষ্ট হৈ অঞ্চলটোৰ একাংশ কৃষকেও কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল।আন দহজন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ মৰিগাঁও জিলাৰ শ'লমাৰী গাঁৱৰ প্ৰবিত্ৰ বৰদলৈ আৰু বিচিত্ৰ বৰদলৈ । তেওঁলোকে কৰা খেতিৰ জৰিয়তে অঞ্চলটোৰ দহ-বাৰজন নিবনুৱা লোকক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছিল যদিও বৰ্তমানৰ বানত ৭০ বিঘা মাটিৰ মালভোগ কলৰ লগতে হালধি খেতিৰ প্ৰায় ৯০% নষ্ট হোৱাত প্ৰায় চল্লিশ লাখৰো অধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে। টাইমলাইন অসমৰ আগত কৃষক ভাতৃদ্বয়ে জনোৱা মতে আনৰ মাটি বছৰেকীয়া হিচাপত ভাড়াত লৈ এই খেতি কৰিছিল । পৰিতাপৰ কথাটো হ'ল এই বাগানত কাম কৰি পৰিয়াল পোহ-পাল দি থকা পৰিয়ালসমূহলৈ চৰম হতাশা নামি আহিছে। টাইমলাইন অসমৰ তৰফৰ পৰা অসম চৰকাৰৰ কৃষি মন্ত্ৰীৰ লগতে কৃষি বিভাগৰ বিষয়াসকলক দৃষ্টিগোচৰ কৰা হয় যে অন্ততঃ এই আদৰ্শ কৃষকসকলক চৰকাৰী আঁচনিৰ জৰিয়তে সহায় কৰি আন দহজন নিবনুৱাকো কৰ্মমুখী জীৱন যাপন কৰাৰ সুবিধা প্ৰদান কৰক।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page