top of page
  • Writer's pictureTimeline Asom

লখিমপুৰৰ এটা পথ নিৰ্মাণত ব্যাপক অনিয়ম

নিৰ্মাণৰ পিছতে চপৰা-চপৰে বখল খালে ব্লেক টপিং।।


লখিমপুৰ জিলাৰ এটা পকীপথ নিৰ্মাণৰ পিছতে বখলা-বখলে খহিছে ব্লেক টেপিং। আমি দৰ্শকসকলক দেখুৱাব খুজিছো এই পথটো। জিলাখনৰ পশ্চিমাঞ্চলৰ নাৰায়ণপুৰৰ সমীপৰ ভোলাবৰিত ঘটিছে এই ঘটনা। বিজেপিৰ নেতাৰূপী ঠিকাদাৰ নিতুমণি বৰুৱাৰ নেতৃত্বত নিৰ্মাণ কৰি থকা ভোলাবৰি-বৰপথাৰ সংযোগী বিধ্বস্ত পথটি নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে।

লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত উক্ত অতি ব্যস্ত গড়কাপ্টানী পথটি দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকাৰ পিছত বিধ্বস্ত পকী পথছোৱা মেৰামতি কৰাৰ নামত কামৰ দায়িত্বত থকা ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানেৰে আৰম্ভ কৰাত অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ পৰে। ঠিকাদাৰৰ অতি নিম্নমানৰ কাম দেখি কেমেৰাৰ সন্মুখতেই বখলা-বখলে এৰুৱাই দেখুৱালে পথটোৰ ব্লেক টেপিং । উল্লেখ্য, ঠিকাদাৰ গৰাকীয়ে মানুহ নথকাৰ সুযোগ লৈ নিশা ১২ বজালৈকে কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে পথছোৱা মেৰামতি কৰাৰ নামত ঠিকাদাৰৰ নিম্নমানৰ কাম বন্ধ কৰাৰ দাবী জনাইছে। উল্লেখ্য, সমষ্টিটোৰ অন্যতম গুৰুত্বপূৰ্ণ এই পথটো মেৰামতি কৰাৰ সময়ত বিটুমিনকে ধৰি প্ৰয়োজনীয় শিল আদি নিম্নমানৰ সামগ্ৰীৰে ব্যৱহাৰ কৰাৰ উপৰি বোকাময় পথতেই আলকাতৰাৰ তৰপ দিয়াৰ অভিযোগ উঠিছে।

এনেদৰে অনিয়মেৰে পথটো মেৰামতি কৰাৰ দুদিনৰ পাছতে চপৰা-চপৰে এৰাই যাবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত গড়কাপ্টানী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ বিষয়টো গড়কাপ্টানী বিভাগক বিশেষ তদন্তৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।


(ভাষ্যঃ পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ শইকীয়া আৰু স্থানীয় ৰাইজৰ)

নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন

টাইম লাইন অসম।

12 views0 comments

Commenti


bottom of page