top of page

লখিমপুৰত ভূমি-নীতিক লৈ AAM ADMI PARTY (AAP) ৰ স্মাৰক পত্ৰ প্ৰদান

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

লখিমপুৰত ভূমি-নীতিক লৈ আম আদমী পাৰ্টিৰ স্মাৰক পত্ৰ প্ৰদান।


ree

অসম চৰকাৰে উদ্যোগ আৰু ভূমি-নীতিক লৈ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আম আদমী পাৰ্টিয়ে লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰ জিলাৰ উপায়ুক্ত ডাঃ জীৱন বিক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ প্ৰদানৰ পিছতে সাংবাদিকৰে সৈতে মত-বিনিময় কৰি আম আদমী পাৰ্টিয়ে চৰকাৰৰ ভূমি-নীতিক তীব্ৰ সমালোচনা কৰে। পুৰ্বৰ ভূমি-নীতিত শিথিলতা আনি বৰ্তমানৰ বিজেপি চৰকাৰখনে উদ্যোগ স্থাপনৰ নামত বহিৰাগত বনিয়াক ৰঙা দলিচা পাৰি দিছে।


ree

জাতি মাটি ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰখনে, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলি আম আদমী পাৰ্টিয়ে চৰকাৰক শীঘ্ৰে এনে নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই । ইয়াৰ অন্যথা সমাগত দিনত খিলঞ্জীয়াৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । #AAP #AAM_ADMI_PARTY


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন

টাইমলাইন অসম।

Comentarios


OUR PROGRAM
bottom of page